দিল্লীত ৩৩,৫০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন প্রধানমন্ত্রী মোদীৰ

Pc ProjectsMonitor

দিল্লীত ৩৩,৫০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দেওবাৰে দিল্লীত  ৩৩,৫০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দিল্লী মেট্ৰ’ৰ দুটা নতুন কৰিড’ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে সেউজীয়া পতাকা জোকাৰি দেশৰ প্ৰথমটো ৰিং মেট্ৰ’ আৰম্ভ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। উদ্বোধন কৰা এই নতুন মেট্র’ ৰে’ল কৰিড’ৰ দুটা হ’ল মজলিছ পার্ক-মৌজপুৰ বাবৰপুৰ (গোলাপী লাইন) কৰিড’ৰ। ইয়াৰ দৈর্ঘ্য প্রায় ১২.৩ কিলোমিটাৰ। আনটো হ’ল দিপালী চ’ক-মজলিছ পার্ক (মেজেন্টা লাইন) কৰিড’ৰ। ইয়াৰ দৈর্ঘ্য প্রায় ৯.৯ কিলোমিটাৰ। ইয়াৰ উপৰি একেদিনাই একাধিক আন্তঃগাঁথনি তথা আৱাসন প্রকল্পৰো আধাৰশিলা স্থাপন কৰে প্রধানমন্ত্রী মোদীয়ে। এই প্ৰকল্পৰ বাবে খৰচ হ’ব ৩৩,৫০০ কোটি টকা। আনহাতে, ১৮,৩০০ কোটি টকা ব্যয়সাপেক্ষে দুটা মেট্র’ প্রকল্পৰো আধাৰশিলা স্থাপন কৰে মোদীয়ে। ইয়াৰ ফলত সমগ্ৰ ৰাজধানী মহানগৰখনক চক্রাকাৰে সংলগ্ন কৰি দিলে মেট্ৰ’ ৰে’লে। এই কৰিড’ৰত যমুনা নদীৰ ওপৰত এখন নতুন সেতু আৰু এটা দুখলপীয়া ভায়াডাক্ট আছে। যিয়ে এটা মেট্র’ লাইন আৰু এটা স্থলপথৰ উৰণ সেতু উভয়কে বহন কৰিছে। ধাৰণা কৰা হৈছে যে মেট্ৰ’ৰ এই নতুন সংযোগে উত্তৰ আৰু উত্তৰ-পূব দিল্লীৰ লোকসকলক উপকৃত কৰিব। এই বৃহৎ ধনৰাশিৰ প্ৰকল্পৰ শুভাৰম্ভ কৰি বুৰাড়ীত এক জনসভাত প্ৰধানমন্ত্ৰীয়ে কয়, আজি দিল্লীৰ উন্নয়নক এক নতুন গতি প্ৰদানৰ বাবে আমি সকলোৱে একত্ৰিত হৈছো । মাত্ৰ কিছু সময়ৰ পূৰ্বে ইয়াত ৩৩,৫০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে । এবছৰৰ পূৰ্বে দিল্লীৰ জনসাধাৰণে যি আশা আৰু পৰিৱৰ্তনেৰে বিজেপি চৰকাৰক নিৰ্বাচন কৰিছিল, সেয়া এতিয়া এই প্ৰকল্পসমূহত প্ৰতিফলিত হৈছে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, আজি এক বিশেষ দিন কিয়নো আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ নেতৃত্বত দিল্লীয়ে উন্নয়নৰ নতুন মুখ দেখিছে । নাৰী দিৱস উপলক্ষে দেশৰ নাৰীসকলক দেশৰ প্ৰগতিৰ অৰিহণা আৰু সহায় সহযোগিতা আগবঢ়াই যাবলৈ আহ্বান জনাইছো । সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতলৈ কোনোবাই চালেই মনলৈ আহে দিল্লীৰ ভাবমূর্তি ৷ দেশৰ ৰাজধানী হিচাপে দিল্লী যিমানেই আধুনিক আৰু সুবিধাজনক হৈ উঠিব সিমানেই শক্তিশালীভাৱে ভাৰতৰ উন্নয়ন দেখা যাব। পূৰ্বৰ আম আদমি পাৰ্টীৰ চৰকাৰক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দিল্লীত আপদজনক (আপদা) চৰকাৰ নথকা হ’লে এই দিল্লী মেট্ৰ’ প্ৰকল্পবোৰ বহু আগতেই সম্পূৰ্ণ হ’লহেঁতেন । দিল্লীৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ দিল্লীৰ জনসাধাৰণে আপদজনক চৰকাৰখন আঁতৰাই ডাবল ইঞ্জিন চৰকাৰ গঠন কৰিলে । আজি বিজেপিৰ ক্ষমতাত কোনো কাম ইয়াতেই বন্ধ নহ’ব । আপদজনক চৰকাৰে দিল্লীৰ সকলো কাম স্থগিত ৰাখিছিল । আজি আমাৰ চৰকাৰে মিছনত কাম কৰি আছে । দিল্লীৰ উন্নয়নৰ বাবে আমি হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পও আৰম্ভ কৰিছো । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে কয়, আমাৰ চৰকাৰে বাৰে বাৰে আপদজনক চৰকাৰক দিল্লীত আয়ুষ্মান যোজনা ৰূপায়ণ কৰিবলৈ আহ্বান জনাইছিলো, কিন্তু তেওঁলোকে দৰিদ্ৰৰ প্ৰতি কোনো চিন্তা কৰা নাছিল । চৰকাৰৰ মন্ত্ৰ আছিল কাম কম আৰু অজুহাত বেছি । আজি ইয়ালৈ অহাৰ আগতে মই সৰোজিনী নগৰ ভ্ৰমণ কৰিছিলো, য’ত চৰকাৰী কৰ্মচাৰীৰ বাবে চৰকাৰী ফ্লেট নিৰ্মাণ কৰা হৈছে । এই নতুন বাসগৃহবোৰে আমাৰ জীৱনলৈ নতুন সুখ আৰু অগ্ৰগতি কঢ়িয়াই আনক ।ইফালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয়, “এয়া কেৱল ৰাষ্ট্ৰপতিৰ অপমান নহয়, দেশৰ সংবিধানক অপমান । ই গণতন্ত্ৰৰ অপমান, এই স্থানত উপনীত হ’বলৈ সংগ্ৰামৰ মাজেৰে যুঁজি অহা জনজাতীয় সমাজৰ এগৰাকী কন্যাক অপমান । শীঘ্ৰে ধ্বংস হ’ব টি এম চিৰ ক্ষমতাৰ অহংকাৰ । দেশৰ জনজাতীয় ৰাষ্ট্ৰপতিৰ এই অপমান কেতিয়াও ক্ষমা নকৰে পশ্চিমবংগৰ জ্ঞানী ৰাইজে । জনজাতীয় সমাজে কেতিয়াও ক্ষমা নকৰে ।”