দিল্লীত ১১ হাজাৰ কোটি ব্যয়সাপেক্ষ বৃহৎ প্রকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

দিল্লীত ১১ হাজাৰ কোটি ব্যয়সাপেক্ষ বৃহৎ প্রকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আন কেইবাখনো চহৰত যান-জট দূৰ কৰাৰ লগতে যাত্ৰাৰ সময় হ্রাস কৰাৰ বাবে এক বৃহৎ আন্তঃগাঁথনিৰ উদ্‌গনিৰ অংশ হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দুটা মূল প্রকল্প উদ্বোধন কৰে। সেয়া হৈছে দিল্লী নগৰ সম্প্ৰসাৰণ পথ-২ৰ এটা মূল অংশ আৰু দ্বাৰকা এক্সপ্ৰেছ ৱে’ৰ দিল্লী অংশ। ৰোহিণীত উদ্বোধন কৰা ১১,০০০ কোটি টকা ব্যয়সাপেক্ষ এই প্রকল্প দুটাই প্রধানমন্ত্রী মোদীৰ সহজ জীৱন-যাপন আৰু নিৰৱচ্ছিন্ন গতিশীলতা নিশ্চিত কৰা বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিৰ দৃষ্টিভংগী প্রতিফলিত কৰিছে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে কয় যে এই নতুন প্রকল্পসমূহে দিল্লী-ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ মানুহৰ যাতায়াত সহজ কৰি তোলাত সহায় কৰিব। ‘মই দিল্লী-এনচিআৰৰ জনসাধাৰণক এই আধুনিক সংযোগৰ বাবে অভিনন্দন জনাইছোঁ। বিশ্বই যেতিয়া ভাৰতৰ মূল্যায়ন কৰে, তেতিয়া ই প্রথমে আমাৰ ৰাজধানী দিল্লীলৈ চায়। আমি দিল্লীক বিকশিত ভাৰতৰ আৰ্হি হিচাপে গঢ়ি তুলিব লাগিব। আমাৰ চৰকাৰে ইয়াৰ ওপৰত বহু স্তৰত কাম কৰিছে। বিগত ১১ বছৰত দিল্লী-এনচিআৰত ভ্ৰমণ কৰাটো সহজ হৈ পৰিছে।’ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বহু দিনৰ মূৰত দিল্লীত এখন বিজেপি চৰকাৰ ক্ষমতালৈ আহিছে। পূৰ্বৰ চৰকাৰসমূহে দিল্লীক এটা ব্যৱধানত ৰখাত উদ্‌গনি যোগাইছিল। সেই ব্যৱধান বিজেপি চৰকাৰে দূৰ কৰিব লাগিব, তাৰ পিছত অগ্রগতি দেখা যাব। কিন্তু মোৰ বিশ্বাস যে আপোনালোকে বাছনি কৰা এই দলটোৱে দিল্লীক সেই পৰিস্থিতিৰ পৰা উলিয়াই আনিব।’ আমাৰ বাবে সংস্কাৰৰ অৰ্থ হ’ল সুশাসনৰ সম্প্ৰসাৰণ, সংস্কাৰৰ ওপৰত নিৰন্তৰ গুৰুত্ব দিয়া হৈছে বুলি দৃঢ়তাৰে কয় প্রধানমন্ত্রীয়ে। তেওঁ ঘোষণা কৰে যে অনাগত দিনত জীৱন আৰু ব্যৱসায় দুয়োটাকে সহজ কৰি তুলিবলৈ কেইবাটাও বৃহৎ সংস্কাৰ প্ৰৱৰ্তন কৰা হ’ব। এই প্রচেষ্টাৰ অংশ হিচাপে জিএছটিৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ পৰিকল্পনা কৰা হৈছে। এই দীপাৱলীত জিএছটি সংস্কাৰৰ জৰিয়তে নাগৰিকে দুগুণ বোনাছ লাভ কৰিব, মোদীয়ে কয়। সম্পূর্ণ কাঠামো সকলো ৰাজ্যৰ সৈতে শ্বেয়াৰ কৰা হৈছে বুলি অৱগত কৰি মোদীয়ে ভাৰত চৰকাৰৰ এই পদক্ষেপত সকলো ৰাজ্যই সহযোগ কৰিব বুলি আশা প্রকাশ কৰে। এই দীপাৱলীক যাতে আৰু অধিক বিশেষ কৰি তুলিব পৰা যায় তাৰ বাবে তেওঁ এই প্রক্রিয়াটো ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ আহ্বান জনায়। জিএছটি আৰু অধিক সৰল কৰাৰ লগতে কৰৰ হাৰ সংশোধন কৰা চৰকাৰৰ লক্ষ্য বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই সংস্কাৰৰ সুফল প্রতিটো ঘৰতে বিশেষকৈ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ মাজলৈ যাব। তেওঁ লগতে কয় যে এই পৰিৱৰ্তনৰ পৰা সকলো স্কেলৰ উদ্যোগীৰ লগতে ব্যৱসায়ী আৰু উদ্যোগীসকলো লাভৱান হ’ব। অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়ব সিং ছাইনী আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিও উপস্থিত থাকে। মুখ্যমন্ত্রী ছাইনীয়ে কয় যে এই প্রকল্পসমূহৰ সৰ্বাধিক লাভৱান হ’ব হাৰিয়ানা। ইফালে মন্ত্রী গাডকাৰিয়ে কয় যে এই দুয়োটা প্ৰকল্পৰ ফলত দিল্লীত যান-জঁট ৫০ শতাংশ হ্রাস পাব বুলি আশা কৰা হৈছে। ৭৫ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ছয়লেনযুক্ত এক্সপ্রেছ রে’ আর্বান ভিষ্টাৰ মাৰ্গ-২, ৪৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈ ৰোহিণী, মুণ্ডকা, নাজাফগড়, দ্বাৰকা পাৰ হৈ মহিপালপুৰৰ সমীপৰ ৪৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিল্লী-গুৰগ্ৰাম এক্সপ্ৰেছ ৱে’ত অন্ত পৰিছে। আনহাতে প্রধানমন্ত্রীয়ে বাহাদুৰগড় আৰু শোনেপটলৈ নতুন সংযোগ পথৰ লগতে আর্বান ভিষ্টাৰ মাৰ্গ-২ৰ আলিপুৰ-দিচৌন কলন অংশ উদ্বোধন কৰে। ৫,৫৮০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই অংশটোৱে দিল্লীৰ ভিতৰ আৰু বাহিৰৰ ৰিং ৰোড আৰু মুকাৰবা চ’ক, ধৌলা কুৱান আৰু ৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে জনবহুল স্থানত যাতায়াত সহজ কৰি তুলিব। প্ৰধানমন্ত্ৰীৰ কার্যালয়ে কয় যে নতুন সংযোগ পথসমূহে বাহাদুৰগড় আৰু শোনেপটলৈ পোনপটীয়াকৈ প্ৰৱেশৰ সুবিধা প্রদান কৰিব, ঔদ্যোগিক সংযোগৰ উন্নতি সাধন কৰিব, চহৰৰ যাতায়াত মুক্ত হ’ব আৰু এনচিআৰত সামগ্ৰীৰ পৰিবহণ ত্বৰান্বিত কৰিব।