দিল্লীত সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক দোষী সাব্যস্ত

pc DNA India

দিল্লীত সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিক দোষী সাব্যস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক ২০১৭ চনত দিল্লীৰ এন আই এ(NIA) আদালতে সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত দোষী সাব্যস্ত কৰিছে, জনায়। আদালতে মালিকৰ পৰা তেওঁৰ বিত্তীয় মূল্যায়ন সন্দৰ্ভত শপতনামা বিচাৰিছিল আৰু এনআইএ(NIA) ক তেওঁৰ বিত্তীয় মূল্যায়ন সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈ কৈছিল। তেওঁৰ শাস্তি সম্পৰ্কীয় যুক্তিবোৰ ২৫ মে’ত হ’ব।