দিল্লীত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণৰ ফলত বহুকেইখন ৰাজ্যত ৰেড এৰ্লাট জাৰি
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে সন্ধিয়া দেশৰ ৰাজধানী দিল্লীত সংঘটিত ভয়ংকৰ বোমা বিস্ফোৰণে দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে পাকিস্তান সীমান্তৱৰ্তী কাশ্মীৰত ৰেড এলার্ট জাৰি কৰাৰ উপৰি মুম্বাই, কলকাতা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটত ৰেড এলাৰ্ট জাৰি কৰিছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে উল্লিখিত ৰাজ্যসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰি যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে। উল্লেখ্য যে সোমবাৰে কাশ্মীৰ আৰু হাৰিয়ানাত বিশাল পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱাৰ পিছতেই দিল্লীত সন্ধিয়া সংঘটিত বোমা বিস্ফোৰণে বিশেষ তাৎপর্য বহন কৰিছে। এক শীর্ষ নিৰাপত্তা সূত্ৰই প্ৰকাশ কৰা মতে, বিস্ফোৰক উদ্ধাৰ আৰু দিল্লী বিস্ফোৰণৰ মাজত যোগসূত্র থাকিব পাৰে আৰু এই বিস্ফোৰণত পাক সমৰ্থিত সন্ত্রাসবাদী জড়িত থকাৰ প্ৰচুৰ সম্ভাৱনা আছে। এনে সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততেই দিল্লীৰ পিছত দেশৰ আন গুৰুত্বপূৰ্ণ স্থানত পুনৰ কূটাঘাত সংঘটিত কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে ভাৰতবিৰোধী সন্ত্রাসবাদী সংগঠনসমূহে। এনে পৰিপ্ৰেক্ষিততে দেশজুৰি নিৰাপত্তা বৃদ্ধি কৰাৰ যথেষ্ট গুৰুত্ব আছে। আনহাতে, বিভিন্ন চোৰাংচোৱা এজেঞ্চীসমূহকো নেটৱৰ্ক সুচল কৰাৰ বাবে আৰু যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নির্দেশ দিয়া হৈছে।
