দিল্লীত ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

দিল্লীত ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষৰে বৈঠক মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াৰ ওচৰত কেন্দ্রীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বাধ্যতামূলকভাৱে ধাৰ্য কৰা দহ শতাংশ পুঁজিৰ নিৰিখত কেন্দ্ৰীয় কৰ হস্তান্তৰৰ ক্ষেত্ৰতো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দহ শতাংশ পুঁজি ধাৰ্য কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।দিল্লীৰ টলষ্টয় মার্গস্থিত বিত্ত আয়োগৰ কাৰ্যালয়ত হোৱা বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাৰ বক্তব্য-অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক অৱস্থান তথা ইয়াৰ ফলত সন্মুখীন হোৱা প্রত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ হ’লে ৰাজ্যসমূহক অধিক পুঁজিৰ প্ৰয়োজন। বিশেষকৈ অসমৰ অন্য দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় কৰ হস্তান্তৰৰ ক্ষেত্ৰতো আন এক সমীকৰণৰ প্ৰয়োজন আছে। জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ, ভৌগোলিকভাৱে কৌশলগত অৱস্থান তথা পৰিৱৰ্তনশীল জনগাঁথনিক গুৰুত্ব প্রদান কৰি কৰ হস্তান্তৰৰ ক্ষেত্ৰতো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ভিন্ন দৃষ্টিকোণৰ প্রয়োজন আছে। বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান থকা সত্ত্বেও অসমে শেহতীয়াকৈ মূলধনী ব্যয় যথেষ্ট পৰিমাণে বৃদ্ধি কৰিব পাৰিছে। স্বাস্থ্য, শিক্ষা, শক্তি, খোৱাপানী, আন্তঃগাঁথনি, স্থানীয় প্রশাসন, দুর্যোগ প্রশমন আদি বিভন্ন খণ্ডত অসমে যথেষ্ট উন্নতি সাধন কৰিব পাৰিছে। তদুপৰি বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতি হিচাপে ভাৰতক প্রতিষ্ঠিত কৰাৰ যাত্ৰাত অসমেও অৱদান ৰাখিবলৈ দায়বদ্ধ। সেয়েহে কেন্দ্ৰীয় কৰ হস্তান্তৰৰ সময়ত অসমক সুকীয়া দৃষ্টিকোণৰ পৰা বিবেচনা কৰিবলৈ মুখ্যমন্ত্রী ড° শর্মাই ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষজনক অনুৰোধ জনোৱা বুলি ৰাজ্য চৰকাৰে জাৰি কৰা প্ৰেছ বিবৃতিত প্রকাশ কৰা হৈছে। বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° শৰ্মাই সামাজিক মাধ্যমযোগে জনাইছে যে কেন্দ্ৰীয় কৰ হস্তান্তৰৰ ক্ষেত্ৰত অসমৰ অন্য দিশসমূহক লৈ ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ পানাগাৰিয়াৰ সৈতে তেওঁ আজি আলোচনা কৰিছে। উল্লেখ্য যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত বিত্ত আয়োগৰ এটা প্রতিনিধি দলে অসম ভ্ৰমণ কৰি কৰ হস্তান্তৰৰ বিষয়ত মুখ্যমন্ত্রী ড° শৰ্মাকে ধৰি ৰাজ্যৰ বিভাগীয় বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। ২৬ ছেপ্টেম্বৰত আয়োগৰ অধ্যক্ষৰে হোৱা বৈঠকতো মুখ্যমন্ত্রী ড° শৰ্মাই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দহ শতাংশ হাৰত কেন্দ্ৰীয় কৰ হস্তান্তৰৰ বিষয়টো উত্থাপন কৰিছিল। সিদিনা তেওঁৰ বক্তব্য আছিল এনেধৰণৰ- প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলক দেশৰ ‘গ্রোথ ইঞ্জিন’ হিচাপে প্রতিষ্ঠিত কৰিব বিচাৰে আৰু ইয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে হস্তান্তৰিত কৰো বৃদ্ধিপাব লাগে। উল্লেখ্য যে বিত্ত আয়োগৰ অধ্যক্ষৰে হোৱা আজিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, বিত্ত বিভাগৰ আযুক্ত তথা সচিব জয়ন্ত নালিকাৰকে ধৰি ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ বিষয়াই অংশগ্ৰহণ কৰে।