দিল্লীত বডোফাৰ প্ৰতিমূৰ্তি উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- নতুন দিল্লীত কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো সমাজৰ পথিকৃত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৯ ফুট উচ্চতাৰ এক প্রতিমূর্তি উন্মোচন কৰাৰ লগতে বডোফা উপেন্দ্রনাথ ব্ৰহ্মৰ নামেৰে এটা পথ তথা ৰ’টাৰী নামকৰণ কৰে। ৮৩৫ মিটাৰ দৈৰ্ঘ্যৰ এই পথটো লালা লাজপত ৰায়মাৰ্গৰ পৰা আৰম্ভ হৈ কৈলাস কলনী পথৰ বড়োলেণ্ড হাউছ পাৰ হৈ ইউ টার্ন লৈ পুনৰ লালা লাজপত ৰায়মার্গ পথটোক সংযোগ কৰিছে। উল্লেখ্য যে এইবাৰ দ্বিতীয়বাৰৰ বাবে দেশৰ ৰাজধানী নতুন দিল্লীত অসমৰ কোনো ব্যক্তিৰ নামেৰে এটা পথৰ নামকৰণ কৰা হৈছে। ইয়াৰ পূৰ্বে চাণক্যপুৰীত লোকপ্রিয় গোপীনাথ বৰদলৈ মার্গ নামে আন এটা পথ উৎসৰ্গা কৰা হৈছিল। অনুষ্ঠানত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাষণ প্রদান কৰি কয় যে বডোফা উপেন্দ্রনাথ ব্রহ্মই এনে এখন সমাজৰ কল্পনা কৰিছিল, য’ত পৰিচয় আৰু সততাৰ সহাৱস্থান আছিল। দিল্লীৰ বুকুত তেওঁৰ উত্তৰাধিকাৰক সন্মান জনোৱাটোৱেই সর্বাংগীণ উন্নয়ন আৰু সমন্বয়ৰ ক্ষেত্ৰত তেওঁৰ অৱদানে বড়ো জাতিক কৃতজ্ঞ কৰি আহিছে। ঐক্যৰ ক্ষেত্ৰত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ দৃষ্টিভংগী অধিক প্রাসংগিক। এই অনুষ্ঠানত অংশ ল’ব পৰাটো মোৰ পৰম সৌভাগ্য। বডোফাৰ প্ৰতিমূর্তি স্থাপন আৰু দিল্লীৰ এটা পথৰ নাম সলনি কৰাটো কেৱল বড়োলেণ্ডৰ প্ৰতি শ্রদ্ধাঞ্জলি নহয়, বৰং সমগ্ৰ দেশৰ সকলো সম্প্রদায় আৰু জনজাতিৰ প্ৰতি সন্মানৰ চিন। মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰোঁ যে এই দেশখন আন কাৰোবাৰ দৰেই তেওঁলোকৰো। বডোফা উপেন্দ্রনাথ ব্রহ্ম কেৱল বড়ো জাতি আৰু বড়োলেণ্ডৰ বাবেই নহয়, নিজৰ ভাষা আৰু ধৰ্মৰ বিকাশৰ হকে যুঁজ দি অহা দেশৰ সকলো জনসাধাৰণৰ বাবেই সম্মান। ২০২০ চনত বড়ো চুক্তি সম্পন্ন হোৱাৰ পাছত উগ্রবাদত বিশ্বাসী সকলোৱে অস্ত্র সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি অহাৰ কথা উল্লেখ কৰি তেওঁ কয় যে মোদী চৰকাৰে যি চুক্তি সম্পন্ন কৰে সেয়া কাৰ্যকৰী কৰাত গুৰুত্ব দিয়ে। বড়ো চুক্তিৰ ৯৬ শতাংশ দফা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু শীঘ্ৰে ইয়াৰ ১০০ শতাংশ কাৰ্যকৰী কৰা হ’ব। মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ২০খনতকৈয়ো অধিক শান্তি চুক্তি সম্পন্ন কৰিছে। যাৰ ফলত ১০ হাজাৰতকৈয়ো অধিকে অস্ত্র সম্বৰণ কৰি ঘূৰি আহিছে মূল সুতিলৈ। ইপিনে অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটো অসমৰ বাবে এক গৌৰৱপূৰ্ণ দিন বুলি উল্লেখ কৰি কয় যে বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে অহোপুৰুষাৰ্থ কৰা বড়ো সমাজৰ পিতৃপুৰুষ হিচাপে খ্যাত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৱিত্ৰ স্মৃতিত দিল্লীৰ কৈলাস কলনীত এটা পথৰ নামকৰণৰ লগতে বডোফাৰ এটা প্রতিমূর্তি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উন্মোচন কৰাটো ৰাজ্যখনৰ বাবে এক বিৰল সন্মানৰ বিষয়। উপেন্দ্ৰনাথ ব্ৰহ্মৰ নেতৃত্বত বড়ো জাতিয়ে নিজৰ অধিকাৰ সুৰক্ষাৰ বাবে এক দীঘলীয়া সংগ্রামত লিপ্ত হৈছিল। মহাত্মা গান্ধীৰ অহিংস আন্দোলনৰ দ্বাৰা প্ৰেৰিত হৈ বডোফাই বড়ো জাতিৰ এই আন্দোলনক অহিংসা আৰু ন্যায়ৰ পথেৰে আগুৱাই লৈ গৈছিল। সুদীর্ঘ দিন ধৰি অব্যাহত থকা এই আন্দোলনে এনে এক পর্যায় পাইছিল গৈ যে কিছুসংখ্যক লোকে অসমৰ বিভাজনকে ধৰি ভাৰতৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন বড়োভূমিৰ কথাও চিন্তা কৰিবলৈ আৰম্ভ কৰিছিল। এই আন্দোলনত ৬ হাজাৰতকৈ অধিক লোকে অস্ত্র হাতত তুলি লোৱাৰ লগতে বড়োভূমিত হত্যা আৰু হিংসাৰ জৰিয়তে এক ব্যাপক হিংসাত্মক আন্দোলন গঢ়ি তুলিছিল। ইয়াৰ ফলত জনসাধাৰণৰ মাজত হতাশাৰ পৰিৱেশ বিৰাজ কৰিছিল। সেই সময়ত এই আন্দোলন ৰোধ কৰাৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাছিল। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শাসনভাৰ গ্ৰহণ কৰাৰ পাছত মোদীৰ নেতৃত্বত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে শান্তিৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্ৰচেষ্টাত ২০২০ চনত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হয় আৰু তাৰ পৰিণতিত অসমখন সামগ্রিকভাৱে এক শান্তিপূর্ণ অঞ্চলত পৰিণত হয়। এসময়ত যি ঠাইত পৃথক বড়োভূমিৰ বাবে আন্দোলন হৈছিল, সেই বড়োভূমিতে ৰাজ্য চৰকাৰে এইবছৰ অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰিছে, যি অসমৰ ঐক্য আৰু সংহতিৰ প্ৰতীক হিচাপে চিহ্নিত হৈছে। বড়ো শান্তি চুক্তি ৰূপায়ণৰ দিশত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সহযোগিতাৰে লোৱা পদক্ষেপৰ ফলত আজি বড়োভূমিয়ে শান্তি আৰু বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে নতুন দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত এটা পথৰ নামকৰণ আৰু প্ৰতিমূর্তি উন্মোচনে দেশৰ জনজাতীয় সমাজখনৰ বাবে এক বিশেষ বার্তা বহন কৰিছে। এই পদক্ষেপে জনজাতীয় সমাজখনলৈ এক নতুন আশা আৰু প্রত্যয় কঢ়িয়াই আনিছে। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই এই অনুষ্ঠানটো সফলতাৰে আয়োজনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক ধন্যবাদ জ্ঞাপন কৰে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন পৰিক্ৰমা আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৱদান সম্পর্কত এখন পুস্তিকা প্রকাশ কৰি দিল্লীৰ প্ৰতিটো কোণতে এই পুস্তিকাখন উপলব্ধ কৰোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আগবঢ়োৱা পৰামৰ্শৰকথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে শীঘ্রে এই কাম হাতত লোৱা হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মহাবীৰ লাচিত বৰফুকনৰ জীৱনগাথা ভাৰতবৰ্ষৰ প্ৰতিটো ভাষাতে অনুবাদ কৰি ৰাজ্যসমূহৰ পুথিভঁৰাললৈ প্ৰেৰণ কৰাৰ ফলশ্ৰুতিত দেশৰ বহুকেইখন ৰাজ্যৰ পাঠ্যপুথিত মহাবীৰ লাচিত বৰফুকন সম্পৰ্কত অধ্যায় অন্তর্ভুক্ত হৈছে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পৱিত্ৰ স্মৃতিত আয়োজিত এই অভূতপূর্ব অনুষ্ঠানে বড়ো সমাজক আৱেগিক কৰি তোলাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মই ৰাষ্ট্ৰীয় পৰ্যায়ত এনে এক সন্মান লাভ কৰাটো ৰাজ্যবাসীৰ বাবে এক গৌৰৱৰ বিষয়। বডোফা উপেন্দ্রনাথ ব্রহ্ম এনে এক সন্মানৰ যোগ্য অধিকাৰী। তেওঁ হৈছে শান্তি, জনজাতীয় সমাজৰ উত্থান আৰু আত্ম-অধিকাৰৰ প্ৰতীক। এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ মন্ত্রী উত্থাও গৌৰা ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, ৰণগৌৰা নাৰ্জাৰী, বাসুৰী স্বৰাজ, বিধায়িকা শিখা ৰয়, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, দিল্লীৰ মেয়ৰ ৰাজা ইকবাল, বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰী, এবছৰ সভাপতি দ্বীপেন বড়ো, অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা আদি উপস্থিত থাকে।
