দিল্লীত প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

দিল্লীত প্রধানমন্ত্রী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালায়ত দুপৰীয়াৰ ভাগত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি হোৱা আলোচনাকালত মুখ্যমন্ত্রীয়ে জনায় যে সামাজিক আৰু আর্থনৈতিক সূচকসমূহত অসমে শেহতীয়াকৈ উল্লেখযোগ্য অগ্রগতি লাভ কৰিছে। বিশেষকৈ ৰাজ্যৰ কল্যাণমূলক আঁচনিসমূহৰ জৰিয়তে ৰাজ্যৰ সৰ্বশ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা হৈছে। মন কৰিবলগীয়া যে চলিত বছৰৰ ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে অসম ভ্রমণ কৰিব। মূলতঃ সুধাকণ্ঠ ভূপেন হাজাৰিকাৰ জন্ম শতবর্ষ উদযাপন অনুষ্ঠানত নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব যদিও গোলাঘাটৰ নুমলীগড়ত স্থাপন কৰিবলগীয়া দেশৰ প্ৰথম বায়ো-ইথানল প্লেন্টৰো তেওঁ উদ্বোধন কৰিব। প্রধানমন্ত্রীয়ে সুধাকণ্ঠৰ জন্ম শতবর্ষ উদ্যাপন অনুষ্ঠানৰো শুভাৰম্ভ কৰাৰ কথা। উক্ত দিনটোৰ বাবে অসমবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কথাও মুখ্যমন্ত্ৰীজনে প্রধানমন্ত্রীক অৱগত কৰে। পাছত নিজৰ সামাজিক  মাধ্যম এক্সত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক কৰা সাক্ষাৎ প্রসংগত মুখ্যমন্ত্রীয়ে কয়- আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। অসমৰ সামাজিক-আর্থিক সূচকসমূহত হোৱা উল্লেখযোগ্য অগ্রগতি আৰু পূৰ্ণগতিত ৰূপায়ণ কৰি থকা মুখ্য কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে তেওঁক অৱগত কৰোঁ। অসমৰ জনগণে ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীক স্বাগত জনাবলৈ যে বৰ আগ্ৰহেৰে বাট চাই আছে সেই কথাও অৱগত কৰিছোঁ। এই দিনটো আমাৰ ৰাজ্যৰ উন্নয়ন যাত্রাত এক নতুন মাইলষ্ট’ন হ’ব। সাক্ষাৎকালত মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রীক এখন ফুলাম গামোচা আৰু স্মাৰকেৰে সন্মানিত কৰে।

উল্লেখ্য যে প্রধানমন্ত্রীক সাক্ষাতৰ পাছত সংসদ ভৱনতেই মুখ্যমন্ত্রীজনে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণকো সাক্ষাৎ কৰে। সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে গহপুৰত স্থাপন কৰিবলগীয়া কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ বাবে সীতাৰমনক আমন্ত্রণ জনায়। পাছত নিজৰ ‘এক্স’ত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ মহান স্বাধনীতা সংগ্রামী বীৰাংগনা কনকলতা বৰুৱাৰ নামত উচৰ্গা কৰিবলগীয়া বিশ্ববিদ্যালয়খন হ’ব আছুতীয়াকৈ উদ্যোগকেন্দ্ৰিক অধ্যয়নৰ বাবে দেশৰ প্ৰথমখন শিক্ষানুষ্ঠান। বিশ্ববিদ্যালয়খনৰ পাঠ্যক্ৰমত ‘আর্টিফিচিয়েল ইন্টেলিজেঞ্চ’, ‘কোয়ান্টাম কম্পিউটিং’, ‘ৰোবটিকছ’ আদি উদীয়মান বিষয়সমূহক সামৰি লোৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে হোৱা আলোচনাকালত মুখ্যমন্ত্ৰীজনে ৰাজ্যৰ সামাজিক-অর্থনৈতিক অগ্ৰগতিৰ বিষয়ত অৱগত কৰাৰ লগতে অসমৰ অৰ্থনৈতিক উন্নয়নত নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ সহায়-সহযোগিত কামনা কৰে। উল্লেখ্য যে কেন্দ্রীয় বিত্তমন্ত্ৰীৰে হোৱা আলোচনাকালত কেন্দ্রীয় বিদেশ আৰু বস্তু বিভাগৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্রসাদ তাছা, কনাদ পুৰকায়স্থ আৰু ৰামেশ্বৰ তেলী উপস্থিত থাকে।

ইয়াৰ পাছত মুখ্যমন্ত্রী ড০ শৰ্মাই কেন্দ্রীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীকো সাক্ষাৎ কৰে। ৰেড্ডীৰ বিভাগীয় কাৰ্যালয়ত হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাত কোল ইণ্ডিয়া লিমিটেডৰ খননকাৰ্যক অধিক উৎপাদনশীল তথা কাৰ্যকৰী কৰি তোলাৰ বাবে তেওঁক অনুৰোধ জনোৱা বুলি এক্সযোগে জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° শর্মাই কেন্দ্রীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলকো সাক্ষাৎ কৰি অসমত ৰূপায়িত জল জীৱন মিছনক লৈ আলোচনাত মিলিত হয়।