দিল্লীত নিৰুদ্দেশ হোৱা যুৱতীৰ মৃতদেহ উত্তৰাখণ্ডত উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- উত্তৰাখণ্ডত মৃতদেহ উদ্ধাৰ দিল্লীত নিৰুদ্দেশ হোৱা অসমৰ যুৱতীৰ। উত্তৰাখণ্ডৰ পৌৰী গড়ৱাল জিলাত উদ্ধাৰ ডিমা হাছাও জিলাৰ হাফলং আৰক্ষী থানাৰ অন্তৰ্গত সোণটিলা হোজাই গাঁৱৰ বাসিন্দা ৰশ্মিতা হোজাইৰ মৃতদেহ । উল্লেখ্য যে বিগত ৬ জুনৰ পৰা নিৰুদ্দেশ হৈ আছিল ৰশ্মিতা হোজাই। অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ চনটিলা হোজাই গাঁৱৰ যুৱতী ৰশ্মিতা হোজাই ৬ জুনত দিল্লীৰ পৰা নিৰুদ্দেশ হৈছিল । অন্তিমবাৰ ৫ জুনত আৰ আৰ বি পৰীক্ষা দিবলৈ গৈছিল ৰশ্মিতাই ।শেহতীয়া তথ্য অনুসৰি, পৰীক্ষাৰ পিছত তেওঁৰ সৈতে অন্তিমবাৰৰ বাবে দেখা পোৱা দুজন ব্যক্তিয়ে উত্তৰাখণ্ডৰ শিৱপুৰী থানাৰ কাষ চাপিছিল । ইপিনে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ফোন কৰি নিৰুদ্দেশ হোৱা ৰশ্মিতা হোজাইৰ পৰিয়ালৰ লগত কথা পাতি সকলো তথ্য সংগ্ৰহ কৰি সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস দিছিল । তাৰ মাজতে মঙলবাৰে যুৱতীগৰাকীৰ মৃতদেহ উত্তৰাখণ্ডত উদ্ধাৰ হয় ।ৰশ্মিতাৰ মাতৃয়ে জানিবলৈ দিয়া মতে, ৰশ্মিতা হাৰিয়ানাৰ পৰা ‘বেছেলৰ অব ইঞ্জিনিয়াৰিং’ কৰি বিগত দুই বছৰ দিল্লীত থাকি ইউ পি এছ চিৰ কোচিং কৰি আছিল । কিন্তু দিল্লী আৰু হাফলঙৰ মাজত দূৰত্ব বেছি হোৱাৰ বাবে আৰু আৰ্থিক সমস্যাৰ বাবে যুৱতীগৰাকী গুৱাহাটীলৈ আহি ইউ পি এছ চিৰ কোচিং কৰিবলৈ আৰম্ভ কৰিছিল । যোৱা সোমাবাৰে তেওঁ ৰে’ল বিভাগৰ পৰীক্ষা দিয়াৰ বাবে গুৱাহাটীৰ পৰা দিল্লীলৈ গৈছিল আৰু ৫ জুনত আৰ আৰ বিৰ পৰীক্ষা দি তেওঁ দিল্লীত ভাৰাঘৰত থকা বন্ধুসকলক লগ কৰিবলৈ গৈছিল । ইয়াৰ পিছতে তেওঁ দুই বন্ধুৰ সৈতে উত্তৰাখণ্ডলৈ ফুৰিবলৈ যোৱা বুলি ৰশ্মিতাই ৰে’লৰ পৰা মাতৃক টেলিফোনযোগে এই কথা জনাইছিল । কিন্তু ইয়াৰ পিছৰে পৰা ৰোস্মিতাৰ মোবাইল ফোন বন্ধ হৈ পৰে ।আনহাতে, উত্তৰাখণ্ডৰ শিৱপুৰী থানাত ৰশ্মিতাৰ নিৰুদ্দেশ হোৱা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰা হয় । ইপিনে উত্তৰাখণ্ড আৰক্ষীয়ে হাফলং আৰক্ষীৰ লগত যোগাযোগ কৰি এই বিষয়ে তথ্য দিয়ে । এই তথ্য অনুসৰি ৰশ্মিতাদুই বন্ধুৰ সৈতে উত্তৰাখণ্ডলৈ ফুৰিবলৈ গৈছিল আৰু শেহতীয়াকৈ উত্তৰাখণ্ডৰ গঙ্গা নৈৰ ওচৰতে তেওঁক দেখা গৈছিল । আৰক্ষীৰ সন্দেহ যুৱতীগৰাকী গঙ্গা নৈত পৰি নিৰুদ্দেশ হয় । উত্তৰাখণ্ড আৰক্ষীয়ে ৰশ্মিতাহোজাইক উদ্ধাৰৰ বাবে অভিযান চলাই আছিল । তাৰ মাজতে মঙলবাৰে ৰশ্মিতাহোজাইৰ মৃতদেহ উদ্ধাৰ কৰে উত্তৰাখণ্ড আৰক্ষীয়ে ।