দিল্লীত জনাদেশ চৰকাৰ
বিজেপিৰ হাতত পৰাস্ত আপ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী, সৰ্বানন্দ সোণোৱালে কয়, “আম আদমী পাৰ্টিৰ বহু বছৰীয়া দুৰ্নীতি, ভ্ৰষ্টাচাৰ, একনায়কত্ববাদ আৰু অৰাজকতাৰ পৰা নিষ্পত্তি পাবলৈ দিল্লীৰ জনতাই সুশাসন, সম-বিকাশৰ বাবে ভাৰতীয় জনতা পাৰ্টিক এক অভূতপূৰ্ব জনাদেশ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বিজেপিৰ নিকা বিকাশমুখী উন্নয়নৰ প্ৰতি সৰ্বস্তৰৰ জনগণৰ অগাধ বিশ্বাসৰ বাবেই এই ঐতিহাসিক বিজয় সম্ভৱ হৈছে। দিল্লীলৈ এই পৰিৱৰ্তন আনিবলৈ অবিৰতভাৱে পৰিশ্ৰম কৰা আমাৰ বিজয়ী প্ৰাৰ্থীসকল তথা নিৰ্ভীক কাৰ্যকৰ্তাসকলক মই আন্তৰিক অভিনন্দন জনাইছোঁ। অৰাজকতা পৰিহাৰ কৰিবলৈ দিল্লীৰ জনতাই এই জনাদেশ এখন দায়িত্বশীল চৰকাৰৰ পক্ষত প্ৰদান কৰিছে। বিজেপিৰ শাসন ব্যৱস্থাৰ অধীনত দিল্লী এতিয়া উন্নত পৰিকাঠামো, কাৰ্যক্ষম জনসেৱা আৰু দুৰ্নীতিমুক্ত প্ৰশাসনৰ সৈতে আগুৱাই যাব। মোদীৰ উন্নয়নৰ সৰ্বগ্ৰহণযোগ্য মডেলৰ যোগেদি নতুন দিল্লীত এয়া এক নতুন অধ্যায়ৰ সূচনা হ’ব।”