দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পসমূহৰ নিৰ্মাণকার্য সময়মতে সম্পন্ন কৰা হ’ব বুলি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক এই আশ্বাস প্রদান কৰিছে । উল্লেখ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যৰ নির্মীয়মাণ প্রকল্পসমূহক লৈ কেন্দ্রীয় মন্ত্রী নীতিন  গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে এক পর্যালোচনা বৈঠকত মিলিত হয়। নতুন দিল্লীস্থিত মন্ত্রী গাডকাৰীৰ চৰকাৰী বাসভৱনত হোৱা আলোচনাকালত নির্মীয়মাণ প্রকল্পসমূহৰ কাম শীঘ্ৰে সম্পন্ন কৰাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই গাডকাৰী তথা তেওঁৰ কাৰ্যালয়ৰ সহায়-সহযোগিতা কামনা কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰীজনে মুখ্যমন্ত্রী ড° শৰ্মাক ৰাজ্যৰ ৰাষ্ট্ৰীয় প্রকল্পসমূহৰ কাম নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন কৰা হ’ব বুলি আশ্বাস প্রদান কৰে। বৈঠকৰ পাছত সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° শর্মাই মন্ত্রী গাডকাৰীৰ সৈতে হোৱা বৈঠকখন ফলপ্রসূ আছিল বুলি জানিবলৈ দিয়ে। কেন্দ্রীয় মন্ত্রী গাডকাৰীয়েও ‘এক্স’যোগে উক্ত পর্যালোচনা বৈঠক সন্দৰ্ভত কয় যে আঞ্চলিক যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ প্রকল্পসমূহৰ গুৰুত্ব অপৰিসীম। তদুপৰি প্ৰকল্পসমূহৰ বাণিজ্য পথ মুকলি কৰাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক বিকাশৰ গতিও ত্বৰান্বিত কৰিবলৈ সহায় কৰিব। উল্লেখ্য যে কেন্দ্রীয় মন্ত্ৰী গাডকাৰীৰে হোৱা বৈঠকত মুখ্যমন্ত্রী ড° শর্মাৰ উপৰিও কেন্দ্রীয় বিদেশ ৰাজ্যমন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী উপস্থিত থাকে।