দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কিৰ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ উপস্থিত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ চাৰি জনীয়া সঁজাতি দল

দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কিৰ ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰ উপস্থিত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ চাৰি জনীয়া সঁজাতি দল

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাইপাৰ এটা সঁজাতি দলে নতুন দিল্লীত ভাৰতৰ প্ৰধান মন্ত্ৰী,গৃহ মন্ত্ৰীৰ কাৰ্যালয়, কেন্দ্ৰীয় জনজাতি মন্ত্ৰী, অসমৰ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদক সাক্ষাৎ কৰি ছয় জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰি আজি (৩-৭-২৫) ডিব্ৰুগড়ত আহি উপস্থিত হয়।অসমৰ আদিম অধিবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাই আহোম জনগোষ্ঠীৰ অন্যতম ছাত্ৰ সংগঠন টাই আহোম যুৱ-পৰিষদে জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক,অৰ্থনৈতিক, সাংস্কৃতিক ,ক্ৰীড়াৰ উন্ময়নৰ লগতে জনজাতিকৰণ প্ৰদানৰ সম্পৰ্কটো নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে।উল্লেখিত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত বিগত বছৰবোৰত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত কেইবালানিও আলোচনা অনুষ্ঠিত হৈছে।পৰিতাপৰ বিষয় এই দাবীসমূহ সমাধানৰ ক্ষেত্ৰত আলোচনাত পোৱা আশ্বাস সমূহ কেৱল মাত্ৰ আলোচনাৰ মাজতে আৱদ্ধ হৈ থকাত জনগোষ্ঠীটোৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে বুলি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি সত্য গোঁহাই আৰু সম্পাদক উজ্জ্বল বৰুৱাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। অসমৰ ছয় জনগোষ্ঠীকে ধৰি মটক আৰু আহোম জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰাৰ সন্দৰ্ভত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাই আহোম যুৱ-পৰিষদৰ ছয় জনীয়া এটা সজাতি দলে নতুন দিল্লীত ভাৰতৰ প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰী কাৰ্যালয়,কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰ মন্ত্ৰী জুৱেল ওৰাম, অসমৰ দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰী বন্দৰ, জাহাজ,জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা লগতে সাংসদ দিলীপ শইকীয়া, ফণী ভূষণ চৌধুৰী, ৰঞ্জিত দত্ত, প্ৰদান বৰুৱা,বিজুলী কলিতা মেধী আৰু কামাখ্যা প্ৰসাদ তাছাৰ সৈতে আলোচনাত মিলিত হৈ জনজাতি কৰণৰ বিষয়টোৰ সম্পৰ্কত সুকীয়া সুকীয়াকৈ দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।আলোচনাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোঁহাই,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,সহ সম্পাদক দিগন্ত দত্ত আৰু টাইপাৰ কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া,যুটীয়া সম্পাদক দীপজ্যোতি দুৱৰা উপস্থিত থাকে।