দিল্লীত কেন্দ্রীয় বিত্তমন্ত্ৰীৰে বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে নতুন দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক সাক্ষাৎ কৰি ৰাজ্যখনৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰে ৷ পুৱাৰ ভাগত সংসদ ভৱনত হোৱা বৈঠকত অসমৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিসমূহৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনাত মিলিত হয়। এই সন্দর্ভত এক বিবৃতিত উল্লেখ কৰা অনুসৰি মুখ্যমন্ত্রী ড° শৰ্মা আৰু কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণৰ মাজত হোৱা আলোচনাৰ মূল উদ্দেশ্য আছিল অসমৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় শক্তিশালী কৰা। বৈঠকৰ পিছত নিজৰ সামাজিক মাধ্যম এক্স হেণ্ডেলত মুখ্যমন্ত্রী ড° শর্মাই অসমৰ উন্নয়নমূলক কাম-কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত অবিৰত সমর্থন আৰু দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে। লগতে ৰাজ্যৰ জনসাধাৰণৰ সামগ্রিক উন্নয়ন আৰু কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিৰ কথা তেওঁ দোহাৰে।
