দিল্লীত কেন্দ্রীয় খনিমন্ত্ৰী আৰু ৰে’লমন্ত্ৰীৰ সৈতে বৈঠক  মুখ্যমন্ত্ৰীৰ

দিল্লীত কেন্দ্রীয় খনিমন্ত্ৰী আৰু ৰে’লমন্ত্ৰীৰ সৈতে বৈঠক  মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় কয়লা আৰু খনিমন্ত্ৰী জি কিষাণ ৰেড্ডীক সাক্ষাৎ কৰে। শাস্ত্রী ভৱনস্থিত ৰেড্ডীৰ বিভাগীয় কার্যালয়ত অনুষ্ঠিত বৈঠকখনত মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ পৰা আৰু বেছিকৈ খনিজ সম্পদ আহৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে নতুন খনিজ সম্পদৰ সন্ধানৰ বাবেও প্রয়োজনীয় ব্যৱস্থা গ্ৰহণৰ মুখ্যমন্ত্রী ড° শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। আনহাতে ৰাজ্যত নতুনকৈ স্থাপন কৰিবলগীয়া তাপবিদ্যুৎ প্রকল্পসমূহৰ বাবে নিৰৱচ্ছিন্নকৈ কয়লা সৰবৰাহৰ বিষয়টোক লৈও মুখ্যমন্ত্ৰী ড° শৰ্মাই বিভাগীয় মন্ত্ৰী ৰেড্ডীৰ সৈতে আলোচনাত মিলিত হয়। এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই মাৰ্ঘেৰিটাত থকা কয়লাখনিসমূহৰ সম্প্ৰসাৰণৰ বাবেও মন্ত্ৰী ৰেড্ডীক আনুৰোধ জনায়। কয়লাৰ পৰা অধিক ৰাজহ সংগ্ৰহৰ কৰিব পাৰিলে ৰাজ্যৰ উন্নয়নমূলক কাম-কাজ ত্বৰান্বিত হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে। ৰেড্ডীয়েও অসমৰ অৰ্থনীতিক উজ্জীৱিত কৰিবলৈ ৰাজ্যৰ কয়লা আৰু খনিখণ্ডক প্রয়োজনসমূহ পূৰণ কৰিব বুলি প্রতিশ্রুতি প্ৰদান কৰে। বৈঠকৰ পাছত নিজৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাচুৰ্যতাৰে পৰিপূৰ্ণ অসমৰ খনিজ সম্পদৰ সদ্ব্যৱহাৰৰ বিষয়টোক লৈ তেওঁ বিভাগীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। ইয়াৰ বাবে পাৰস্পৰিক সহযোগিতাক শক্তিশালী কৰি তোলাৰ ওপৰত মুখ্যমন্ত্রী ড° শৰ্মাই গুৰুত্ব আৰোপ কৰে। উল্লেখ্য যে মন্ত্ৰী ৰেড্ডীৰ সৈতে আলোচনাকালত কেন্দ্রীয় কয়লা আৰু খনি মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ উপৰি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী আৰু অসম ভৱনৰ আৱাসিক আযুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। আলোচনাকালত মন্ত্ৰী ৰেড্ডীৰ বিভাগীয় বিষয়াসকলে অলপতে অর্থনৈতিক বিষয়ক সম্পর্কিত কেবিনেট কমিটীয়ে দেশৰ শক্তি নীতিৰ পুনৰীক্ষণৰ বাবে প্ৰদান কৰা অনুমোদনৰ কথা ব্যক্ত কৰে। বৈঠকত দেশৰ কয়লা খণ্ডৰ সংস্কাৰৰ জৰিয়তে তাপবিদ্যুৎ প্রকল্পসমূহত কয়লাৰ আবণ্টনৰ ক্ষেত্ৰত স্বচ্ছতা অৱলম্বন কৰাৰো পোষকতা কৰা হয়। উল্লেখ্য যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতে ১ নিযুত টনতকৈও অধিক কয়লা উৎপাদন কৰিবলৈ সক্ষম হৈছে বুলি চৰকাৰী বিবৃতিত প্রকাশ পাইছে। কয়লা আৰু খনিমন্ত্ৰী জি কিষাণ ৰেড্ডীক সাক্ষাতৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱৰ সৈতেও ৰে’ল ভৱনত আন এখন আলোচনাত মিলিত হয়।

 

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰিবহণ ব্যৱস্থাত থকা সমস্যাসমূহ দূৰ কৰিবলৈ ৰে’লৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰাৰ লগতে উন্নত ৰে’ল যোগাযোগ ব্যৱস্থাৰ বাবে আধুনিক প্রযুক্তিৰ ব্যৱহাৰ তথা কার্যপ্রণালী অধিক কার্যক্ষম কৰি তোলাৰ ওপৰত এই আলোচনাত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকৰ পাছত ৰাজ্য চৰকাৰে এক বিবৃতিত প্রকাশ কৰা অনুসৰি আলোচনাকালত মন্ত্রী বৈষ্ণরে স্বীকাৰ কৰে যে অসমক লজিষ্টিক হাব হিচাপে গঢ়ি তুলিবলৈ ৰে’লক আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ লগতে ইয়াৰ সম্প্ৰসাৰণৰ প্ৰয়োজন আছে। বৈষ্ণৱৰ সৈতে হোৱা আলোচনাতো ৰাজ্যৰ মুখ্য সচিব, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব আৰু অসম ভৱনৰ আৱাসিক আয়ুক্ত উপস্থিত থাকে।