দিল্লীত কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফিনলেণ্ডৰ প্রধানমন্ত্রী স্পেইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্রধানমন্ত্রী মোদীৰ

দিল্লীত কৃত্রিম বুদ্ধিমত্তা সন্মিলনত ফিনলেণ্ডৰ প্রধানমন্ত্রী স্পেইনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্রধানমন্ত্রী মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দিল্লীত চলি থকা কৃত্রিম বুদ্ধিমত্তা (এআই) ইম্পেক্ট ছামিট ২০২৬ৰ তৃতীয় দিনা কেইবাজনো নেতাৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ ভিতৰত গুগলৰ মুখ্য কার্যবাহী বিষয়া সুন্দৰ পিচাই, ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটেৰি অপো আৰু স্পেইনৰ ৰাষ্ট্ৰপতি পেড্রো ছালেজো আছে। গুগলৰ চি ই অ’ পিচায়ে প্রধানমন্ত্ৰীৰ সৈতে এক বৈঠকত মিলিত হয়।  কৃত্রিম বুদ্ধিমত্তা (এআই) সন্মিলনৰ মাজতে স্পেইনৰ ৰাষ্ট্ৰপতি পেড্ৰ’ চেনজেছ আৰু ফিনলেণ্ডৰ প্ৰধানমন্ত্ৰী পেট্রেৰি অৰ্প’ক সাক্ষাৎ কৰে প্রধানমন্ত্রী মোদীয়ে। এই সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে মন্তব্য কৰে যে ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতৰ সৈতে ইউৰোপৰ সম্পৰ্কৰ ক্ষেত্ৰত সোণালী যুগৰ সূচনা কৰিব। স্পেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হোৱা বৈঠকক ফলপ্রসূ বুলি উল্লেখ কৰিছে প্রধানমন্ত্রী মোদীয়ে। তেওঁ জনায় যে দুয়োখন দেশৰ বন্ধুত্ব আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা হয়। নিৰাপত্তা, প্ৰতিৰক্ষা আৰু প্ৰযুক্তিক লৈও আলোচনা হয়। সামাজিক মাধ্যম এক্সত পোষ্ট কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে- আমি দুয়োখন দেশে ২০২৬ চনক ভাৰত-স্পেইন সংস্কৃতি, পৰ্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ বছৰ হিচাপে চিহ্নিত কৰিছোঁ। ইয়াৰ ফলত দুয়োখন দেশৰ মানুহৰ মাজত যোগাযোগ আৰু অধিক বৃদ্ধি পাব। কোনো কোনো বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলেও ভাৰতলৈ অহা দেখি খুবেই আনন্দিত। ইয়াৰ ফলত দুয়োখন দেশৰ মানুহৰ মাজত সংযোগ বৃদ্ধি পাব। প্রধানমন্ত্রীয়ে আৰু লিখিছে- এই ঐতিহাসিকমুক্ত বাণিজ্য চুক্তিয়ে স্পেইনৰ সৈতে আমাৰ অংশীদাৰিত্বত ইতিবাচক প্ৰভাৱ পেলাব। আমাৰ দেশৰ মানুহৰ সন্মুখত নতুন সুযোগ তুলি ধৰিব। উল্লেখ্য যে যোৱা ২৭ জানুৱাৰীত ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত মুক্ত বাণিজ্য চুক্তি সংক্রান্তীয় আলোচনা চূড়ান্ত হৈছে। এই খবৰ জনাইছে প্রধানমন্ত্রী নিজেই। তেওঁ আৰু জনায় যে সমগ্র বিশ্বই এই চুক্তিক সকলো চুক্তিৰে জননী বুলি অভিহিত কৰিছে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে কাজাখাস্তানৰ প্রধানমন্ত্রী অ’লজাছ বেক্টেন’ভৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। হায়দৰাবাদ হাউছত অনুষ্ঠিত আলোচনাত দুয়োগৰাকীয়ে ভাৰত আৰু কাজাখাস্তানৰ মাজত থকা কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লগতে দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰাৰ লক্ষ্যৰে বিস্তৃত চর্চা কৰিলে। বৈঠকত দুযেখন দেশৰ মাজত প্রতিকক্ষা সামগ্রী নির্মাণ, ঔদ্যোগিক অংশীদাৰিত্ব আৰু ডিজিটেল পারিক আন্তঃগাঁথনিৰ খণ্ডত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়। বর্তমান ডিজিটেল পৰিচয় প্রণালী আৰু ফিনটেক প্লেটফৰ্মত ভাৰতৰ নেতৃত্বৰ সময়ত কাজাখাস্তানেও এইআন্তঃগাঁথনিৰ অভিজ্ঞতাৰ পৰা লাভান্বিত হোৱাৰ সম্ভাবনাৰ বিষয়ে আলোচনা কৰে।