দিলীপ শইকীয়াৰ মন্তব্যৰ প্ৰতিক্রিয়া প্রকাশ আম আদমি পার্টী অসম ৰাজ্যিক সমিতিৰ
দিলীপ শইকীয়া বিজেপিৰ সভাপতিহে, অসমৰ অভিভাৱক নহয়: ডাঃ ভবেন চৌধুৰী
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত ‘হিন্দু বাংলাদেশী হওঁক, হিন্দু পাকিস্তানী হওঁক বা হিন্দু আমেৰিকান হওঁক, ভাৰতলৈ নাহি ক’লৈ যাব?’ বুলি ঘোষাণাৰ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে আম আদমি পার্টী অসম ৰাজ্যিক সমিতিয়ে। এক প্রেছ বার্তাযোগে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে দিলীপ শইকীয়া আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বাংলাদেশীৰ ভোটৰে শাসনৰ গাদী দখল কৰাৰ সপোন দেখিছে। গৃহমন্ত্রী অমিত শ্বাহে অসম ভ্রমণত সন্তুষ্ঠ হৈ পুৰুস্কাৰ হিচাপে অসমক ২০২৪ লৈকে হিন্দু বাংলাদেশীক আকোৱালি ল’বলৈ বৰ পীড়া পাৰি দিছে। দিলীপ শইকীয়া বিজেপিৰ সভাপতিহে, অসমৰ অভিভাৱক নহয়, তেখেতৰ কথা মতে দেশ নচলে। তেখেতৰ যদি ইমানেই বিদেশী প্রেম জাগিছে, তেনেহ’লে বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো শ্রীলংকাৰ নির্যাতিত তামিলিয়ান হিন্দু সকলক বিজেপি চৰকাৰে ভাৰতৰ নাগৰিকত্ব নিদিলে কিয় বুলি সভাপতি ডাঃ ভবেন চৌধুৰীয়ে প্রশ্ন উত্থাপন কৰে। কাৰণ তামিলিয়ান হিন্দুসকল অধিক জাতীয়তাবাদী। তেওঁলোকে বিজেপিক ভোট নিদিয়ে। আপৰ সভাপতি গৰাকীয়ে দিলীপ শইকীয়াক প্রত্যাহ্বান জনাইছে শ্রীলংকাৰ তামিল হিন্দু সকলক নাগৰিকত্ব দিব লাগে বুলি দিলীপ শইকীয়াই কওক। বিজেপিৰ ভণ্ড হিন্দু প্ৰেমৰ এটা চূড়ান্ত উদাহৰণ হ’ল শ্রীলংকাৰ তামিলিয়ান হিন্দু সকল। লগতে আপৰ সভাপতি গৰাকীয়ে পুনৰ কয় যে অনবৰতে বিদেশীৰ কথা চিন্তা কৰা দিলীপ শইকীয়াই স্বদেশীৰ কথা কেতিয়া চিন্তা কৰিব। অসমে এতিয়াও অসম চুক্তি মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা বিদেশীৰ বোজা গ্রহণ কৰি আছে। আমাৰ অসমৰ মাটিও সীমিত আৰু প্ৰতিবছৰে গৰাহখনীয়াৰ ফলত বহু মাটি ব্ৰহ্মপুত্ৰ আৰু অন্য নদীত জাহ গৈছে। তাৰোপৰি অসমৰ সীমিত প্রাকৃতিক সম্পদে বহনক্ষমভাৱে এই ওপৰঞ্চি জনসংখ্যাক ধাৰণ কৰিব নোৱাৰে। অসমৰ জনসংখ্যা বৃদ্ধিৰ ফলত মাটিৰ পৰিমাণো ভালেখিনি হ্রাস পাইছে। এনে বহুবোৰ কাৰণত বিদেশী শৰণাৰ্থীসকলক নাগৰিক হিচাপে অসমত সংস্থাপন দিয়াটো কোনোপধ্যে গ্রহণযোগ্য নহয়। বিজেপি চৰকাৰে লোন লৈ লৈ অসমৰ অৰ্থনৈতিক অৱস্থা কোঙা কৰি পেলোৱাৰ দিনত তেখেত সকলৰ সভাপতিৰ মুখত ওপৰঞ্চি বিদেশীৰ বোজা গ্রহণ কৰিব বিচৰাটো এক মুর্খৰ পৰিচয়। আম আদমি পার্টীয়ে নতুনকৈ অনুপ্রৱেশ আৰু বিদেশী (বেহাই) আইন, ২০২৫ ৰ যোগেদি বিজেপি চৰকাৰে ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্য্যন্ত আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা ধৰ্মীয় উৎপীড়নৰ বলি ভাৰতত প্ৰৱেশ কৰা লোকক অসমত বসবাস কৰাৰ অনুমতি দিয়া কাৰ্য্যক শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।