দিব্যাংগ নাট্য বিদ্যালয়ৰ শিল্পীসকলে পৰিৱেশন কৰে ‘আমাৰ চৌপাশ’ নাটখন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীৰ বিশাল আয়োজনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ সন্দীপ মেহেতাৰ উপস্থিতিত ‘দিব্যাংগ নাট্য বিদ্যালয়ৰ’ শিল্পীসকলে পৰিৱেশন কৰে ‘আমাৰ চৌপাশ’ নামৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় নাটখনিৰ এটা অংশ। এই নৃত্য নাটিকাখন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিৰযুগমীয়া গীত ‘গছে গছে পাতি দিলে’ শীৰ্ষক গীতটোৰ আধাৰত নিৰ্মিত । এই নৃত্য নাটিকাখনিৰ ৰচনা আৰু পৰিচালনা অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদৰ আৰু choreography কৰিছে বনলতা বৈশ্য আৰু তেওঁৰ সহযোগী জোনমনী ৰয় আৰু সংগীতা তালুকদাৰে, সংগীত মনদ্বীপ মহন্তৰ।