দিব্যাংগ নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ প্ৰথমখন ‘দিব্যাংগ নাট্য বিদ্যালয়’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দিব্যাংগ নাট্য বিদ্যালয়ৰ বাকৰি জোনালী তিনিআলি, জু ৰোডৰ, সেন্দুৰিআলিত অৱস্থিত। দিব্যাংগ নাট্য বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদৰ এক সপোন সমাজ আৰু ঘৰখনৰ পৰা বহু অৱহেলিত দিব্যাংগ শিশু, ব্যক্তি সকলক নাটক চিনেমা সাংস্কৃতিক দিশৰ লগতে স্বাৱলম্বী ব্যক্তি হিচাপে সমাজৰ মাজলৈ আগবঢ়ায় নিয়াৰ লক্ষ্য উদ্দ্যেশ্যেৰে ২০১৯ চনৰ ২ চেপ্তেম্বৰ তাৰিখে দিব্যাংগ নাট্য বিদ্যালয়ৰ জন্ম দিয়া হৈছিল। আৰু আজি স্কুলৰ ৭ম প্ৰতিষ্ঠা দিৱস। আজিৰ এই অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট সমাজকৰ্মী, লেখিকা ডঃ সীমা কাশ্যপে ,লগতে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক, নাট্যকাৰ মহীধৰ কলিতা, কন্ঠশিল্পী চন্দন কুমাৰ গোস্বামী আৰু নাট্যকৰ্মী ধীৰাজ কুমাৰ, মধুস্মিতা মহন্ত আদি। অনুষ্ঠানত দিব্যাংগ নাট্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ জয় হাজৰিকাই গীতাৰ বাদন, মাধুৰ্য তালুকদাৰে অভিনয়, ৰিমজিম শইকীয়া, মনালিছা দাস, ইচিতা টুমুং য়ে নৃত্য, আকাশ বুঢ়াগোহাঁই আৰু অংকুশ ঠাকুৰীয়াই যোগা, অৰিন্দম গগৈ আৰু আলদুবে আই আৰ আমিনে গীত পৰিৱেশন কৰে। লগতে ছাত্ৰ ছাত্ৰী সকলৰ অভিভাৱক সকলে পৰিৱেশন কৰে ডঃ ভূপেন হাজৰিকাৰ চিৰযুগমীয়া গীতত সমবেত সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দি স্কুলৰ এগৰাকী অভিভাবিকাক এইবছৰ শ্ৰেষ্ঠ অভিভাৱক সন্মান প্ৰদান কৰা হ্য়। এই সন্মান কণিকা বুঢ়াগোহাঁইক প্ৰদান কৰা হয়। এই সন্মান প্ৰতি বছৰে প্ৰদান কৰা হ’ব বুলি অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে জানিবলৈ দিয়ে। শেষত স্কুলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে সকলোকে শলাগৰ শৰাই লগতে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।