দিব্যাংগ কিশোৰীক ধৰ্ষণ

দিব্যাংগ কিশোৰীক ধৰ্ষণ
বধিৰ সন্থাৰ শাস্তিৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ বিৰুবাৰীৰ অসম বধিৰ সন্থাৰ মুখ্য কাৰ্য্যলয়ৰ প্ৰাংগনত উত্তৰ প্ৰদেশৰ ৰামপূৰ ঠাইত যোৱা পৰহি এজনী ১৬ বছৰীয়া মোক-বধিৰ দিব্যাংগ কিশোৰীক পুনৰাই নি ধৰ্ষণ কৰি পেলাই থোৱা,অসমৰ বিভিন্ন ঠাইত বধিৰ তথা দিব্যাংগ অসহায় যুৱতী সকলৰ শাৰীৰিক মানসিক অত্যাচাৰ কৰা গণ- ধৰ্ষণ আদি ঘটনা আদি বন্ধ কৰা,বধিৰ যুৱতী সকলক চলন ফুৰণত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ দাবীত অসম বধিৰ সন্থাৰ উদ্যোগত অসম ফাউণ্ডেচন দিব্যাংগ মহিলা সকলে হাতে – হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰে অসম বধিৰ সন্থাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শৰ্মা, অসম বধিৰ মহিলা সন্থাৰ সাধাৰণ সম্পাদিকা পিযু মণি শইকীয়া, উপ-সভানেত্ৰী আনোৱাৰা বেগম সহ প্ৰায় ২৫ জন মানে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল। আনহাতে,অসম বধিৰ সন্থাই ২৭ এপ্ৰিলত দিনৰ ১১-৩০ বজাত বিৰুবাৰীৰ বধিৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত কৰিব।