দিব্যজ্যোতি নাথৰ কাব্যসংকলন “নৈঃশব্দত সৰাপাতৰ চকুলো”
নাজমল হুছেইন ভূঞা
ঢেকিয়াজুলি, শোণিতপুৰ
কবি, গল্পকাৰ দিব্যজ্যোতি নাথৰ প্ৰথমখন কাব্যগ্রন্থ ‘নৈঃশব্দত সৰাপাতৰ চকুলো’ পঢ়াৰ সৌভাগ্য হ’ল। স্কুলীয়া দিনৰে পৰা সাহিত্যচর্চাৰ সৈতে জড়িত থকা দিব্যজ্যোতি নাথে পূর্বেও এখনি সুস্বাদু গল্প সংকলন ‘সপোনে কি দিলে’ প্রকাশ কৰি উলিয়াইছে। বিভিন্ন কাকত, আলোচনী, স্মৃতিগ্রন্থত নিয়মীয়া লেখা-মেলা কৰাৰ সমান্তৰালকৈ তেখেতে কেইবাখনো স্মৃতিগ্রন্থ আৰু আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত হৈ সাহিত্যৰ ক্ষেত্ৰখনত স্ব-প্রতিভাৰে নিজা পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
জ্ঞানজ্যোতি পুথিঘৰৰ হৈ মৃনাল শইকীয়াই প্রকাশ কৰা নাথৰ ‘নৈঃশব্দত সৰাপাতৰ চকুলো’ কাব্য সংকলনখনিত প্রধানতঃ সাম্প্রতিক সময়ৰ কেতবোৰ সমস্যা, আশা-বেদনা-প্রেম, মূল্যবোধ, মানবীয়তাবোধ, নৈতিকতা ইত্যাদি ভালেমান বিষয়ক কেন্দ্ৰ কৰি ৰচিত কবিতাই স্থান লাভ কৰিছে ‘নৈঃশব্দত সৰাপাতৰ চকুলো’ত।
হৃদয়ৰ সূক্ষ্ম অনুভূতিক কল্পনা শক্তিৰে শব্দৰ মালা গাঁথি সৃষ্টি কৰা ভিন্নস্বাদৰ বাচকবনীয়া দুকুৰি চাৰিটা কবিতা এই গ্রন্থখনিত অন্তর্ভুক্ত হৈছে। প্রতিটো কবিতাতেই সাম্প্রতিক সমাজ জীৱনৰ একোটিকে সুন্দৰ কল্পচিত্র প্রকট হৈছে। অতিমাৰী ক’ভিড কালত সমগ্র বিশ্বত দেখা দিয়া ভয়-শংক, আর্তনাদ, হাহাকাৰ আদিৰ এক স্বৰূপাৰ্থত ছবি প্রস্ফুটিত হোৱা কেতবোৰ কবিতাও কবি নাথেৰ গ্ৰন্থখনিত অন্তর্ভুক্ত কৰিছে। ক’ভিড কালৰ আৰ্তনাদ, হাহাকাৰৰ, ভয়-শংকৰ কৰণ ব্যথাভৰা কিছু কবিতা হ’ল- তোমাৰ অসুখ বোলে/গৃহবন্দী/ভয়/কালান্তক সময়ৰ কবিতা/নিজামুদ্দিন মার্কাজৰ এটি অনুভব/ক্রোধান্বিত পৃথিবীৰ প্রতিশোধ আদি।
কবিসকল মানুহ-সমাজ-প্রকৃতিৰ প্রতি দায়বদ্ধ। তেওঁলোকৰ হেংদাংৰূপী কলমৰ তীক্ষ্ণ ফালে উদঙাই দিব সমাজৰ বহু অকথ্য প্রকৃত স্বৰূপ, থকা-সৰকা কৰিব পাৰে অহিত হাবিয়াসীৰ ভেটি। লাঞ্ছিত-বঞ্চিত-নিষ্পেষিত, আর্তনাদত ক্ষোভিত জনতাৰ মনোবাঞ্ছাৰ এক সরল প্রতিবাদী প্রতীক কবিৰ কলম। তেনে ভাবাপন্ন কবিতাও কবি দিব্যজ্যোতি নাথৰ কাব্য সংকলনখনত দেখা যায়। তেনে সামাজিক দায়বদ্ধতাৰ সবল কল্পচিত্র অংকন কৰা কবিতা কেইটা হ’ল-সপোন যেন ঘৰৰবোৰৰ পদুলিলৈ সন্ধ্যা নামিছে/বাগৰ সলোৱা নৈখনৰ কথাৰে/বাঁহবোৰৰ আয়ুস টুটি আহিছে/সময়ৰ শিল/পানীত টৌ, ঢৌত পানী/মঠঙা শালিৰ ভঁৰাল ভৰাবলৈ আদি।
শোণিতপুৰ আৰু ওদালগুৰি জিলাৰ সীমামূৰীয়া অঞ্চল জোৰাদিয়াত থকা ঐতিহাসিক কঢ়াপুখুৰীৰ পাৰত অৱস্থিত অসমজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি নাথে কর্মব্যস্ততাৰ মাজেৰেই মনৰ তাগিদাত শব্দৰ মোহত আৱদ্ধ হৈ নিয়মীয়া সাহিত্য চর্চা অব্যাহত ৰাখিছে। প্রকৃতিৰ সুক্ষ্ম উপাদানক কাব্যিক দৃষ্টিৰে ভূষণ সানি কবি নাথে সৃষ্টি কৰি গৈছে লালিত্যপূর্ণ কবিতা। ‘নৈঃশব্দত সৰাপাতৰ চকুলো’ কাব্যগ্রন্থখনিৰ পৃষ্ঠা সুশোভিত কৰা প্ৰকৃতিৰ লাবণ্য সুবাস বিলোৱা কবিতা-পাহাৰখনৰ সেউজীয়াবোৰ বুকুৰ ভিতৰলৈ সোমাই আহিছে/ফাগুনে বং সানিলে/কল্পনাৰ বগলীজাক উৰি আছে/শাওনৰ ৰাতিৰ কবিতা ইত্যাদি অন্যতম।
কবি দিব্যজ্যোতি নাথে স্মৃতিৰ খিলাপাতত দীপ্তিমান সোণোৱালী শৈশব-কৈশোৰ, চহা আৰু গ্রাম্য জীৱনৰ মধুৰ স্মৃতিক কাব্যিক ভাষাৰে ব্যক্ত কৰি ৰচিছে কেইবাটাও কবিতা। কেনিনো হেৰাল শৈশৱৰ উন্মুকনিবোৰ/সময় শিল/যৌৱনৰ বা-মাৰলি/কল্পনাৰ বগলীজাক উৰি আহে ইত্যাদি কবিতাকেইটাত তেনে ৰসৰ প্ৰৱাহিত হৈছে।
সামগ্রিকভাবে ক’বলৈ গ’লে দিব্যজ্যোতি নাথৰ ‘নৈঃশব্দত সৰাপাতৰ চকুলো’ এখন সুখপাঠ্য কাব্য সংকলন। আচলতে সমাজে এনে কবিতাকেই প্রাধান্য দিয়ে। কাব্য সংকলনখনৰ আহি পাঠত দুই-এটা আসোঁৱাহ ৰৈ যোৱা দেখা যায়। তেজপুৰৰ ‘দৰদী দিচাং’ত মুদ্রিত গ্রন্থখনৰ বেটুপাত অংকন কৰিছে বাপধন কলিতায়। গাম্ভীর্যপূর্ণ অর্থবহ মনোগ্রাহী বেটুপাতেৰে সমৃদ্ধ মুঠ আঠাবন্ন পৃষ্ঠাৰ সংকলনখনৰ মূল্য নিৰূপণ কৰিছে এশ পঞ্চাচ টকা। গ্রন্থখন কাব্যানুৰাগীয়ে সাদৰেৰে আদৰি ল’লে কবি দিব্যজ্যোতি নাথৰ শ্রম সার্থক হোৱাৰ লগতে উৎসাহিত হ’ব আৰু নিৰৱচ্ছিন্ন কাব্যচর্চা অব্যাহত ৰখাৰ লগতে কবি দিব্যজ্যোতি নাথৰ মননশীল কবিতাৰ সৃজন অধিক তীব্ৰতৰ হৈ উঠিব।।