দিপাৱলীৰ পূৰ্বেই অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক

দিপাৱলীৰ পূৰ্বেই অনুষ্ঠিত হ’ব এন ডি এৰ বৈঠক

বিৰোধী দলে মিত্রজোটে এতিয়া মিঞা ভোটক লক্ষ্য কৰি কাম কৰিছে গুৱাহাটী

ৰঙিলী বাৰ্ত্তাসেৱা-  “প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত ভাৰতবৰ্ষৰ জনসাধাৰণে কেৱল উন্নয়ন প্রত্যক্ষ কৰিছে। দেশৰ জনসাধাৰণে আজি সগৌৰৱে বিজেপিক আদৰি লোৱাৰ পৰিবতে বিৰোধীক প্রত্যাখান কৰিছে। বহুধাবিভক্ত বিৰোধী দলৰ মিত্ৰতা যে এতিয়া ক্ষমতাকেন্দ্রিক যুঁজত লিপ্ত সেয়া জলজল পটপটকৈ ওলাই পৰিছে। এনে পৰিস্থিতিত ২০২৩ৰ লোকসভা নির্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় নিশ্চিত আৰু নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্রী পদত অধিষ্ঠিত হ’ব। ” – ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই দলৰ মুখ্য কার্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি এনেদৰে মন্তব্য প্ৰদান কৰে। তেওঁ লগতে কয় সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপি সম্পূর্ণৰূপে সাজু। দলৰ ৰাষ্ট্ৰীয় সমিতিয়ে প্ৰস্তুত কৰি দিয়া ৰোডমেপ অনুসৰি ৰাজ্যিক বিজেপিয়ে সাংগঠনিক কার্যাবলী সম্পাদন কৰি গৈছে। দিপাবলীৰ পূৰ্বে এন ডি এৰ অন্তৰ্গত অগাপ, ইউ পি পি এলৰ সৈতে ৰাজ্যিক বিজেপিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলিও শ্রী কলিতাই বক্তব্য প্ৰদান কৰে। আজি অনুষ্ঠিত হৈ যোৱা বিৰোধী দলৰ বৈঠক সম্পৰ্কত শ্রী কলিতাই কয়, তেওঁলোকে হোটেল লিলিত পিকনিক খাবলৈহৈ গৈছে। জনতাৰ খবৰ ল’বলৈ তেওঁলোকৰ সময় নাই। অসমৰ জনসাধাৰণ উন্নয়নৰ পক্ষত আছে আৰু এই উন্নয়ন একমাত্র বিজেপিৰ দিনত সম্ভব হৈছে। সেয়ে বিৰোধীৰ কোনো কথাকেই ৰাইজে বিশ্বাসত নলয় । আনহাতে, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলৰ কার্যকৰ্তা সকলক সাক্ষ্যাৎ কৰে। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া ভাৰতৰাজ চলিছে। এন চি ই আৰ টি পাঠ্যপুথিতো ভাৰত বুলি বৰ্ণনা কৰা হৈছে। প্ৰত্যেকজন মানুহে নিজকে গৌৰৱে ভাৰতীয় বুলি কৈছে। আজি বিৰোধী দলৰ বৈঠকক সম্পৰ্কত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত শ্ৰী বৰুৱাই কয়, “ বৈঠক সন্দৰ্ভত আমি খবৰ ৰখা নাই, আপোনালোকৰ পৰা জানিব পাৰিছো যে আজি ক্লাৱ সমূহত একতাৰ অভাৱ হৈছে। সেয়ে আজি মিলিত হৈছে। এই ক্লাৱসমূহৰ মাজত কোনোধৰণৰ আদৰ্শগত মিল নাই। তেওঁলোকে মিঞা ভোটক লক্ষ্য কৰি কাম কৰি আছে। ” প্রসংগক্ৰমে শ্ৰী বৰুৱাই কয় যে কংগ্ৰেছৰ চৰকাৰৰ শাসনকালত অসম আন্দোলনৰ সময়ত ৮৫৫ জন যুৱক শহীদ হৈছিল। সেই কংগ্ৰেছ দলৰ লগতেই আকৌ আছুৰ ঔৰসত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ সভাপতিয়ে মিত্রতা কৰিছে। গতিকে আদর্শ মিল নথকা মিত্রতা স্থায়ী নহয়। তেওঁ লগতে কয় যে মিঞা তথা অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা আগ্রসনকাৰী সকলক বাদ দি ৰাষ্ট্ৰীয়তবাদী তথা সনাতনী ধর্মত বিশ্বাস কৰা প্ৰতিজন মানুহ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে আৰু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে গতিকে বিৰোধীৰ মিত্ৰজোটে এতিয়া মিঞা ভোটক লক্ষ্য কৰিহে কাম কৰিছে।