দিন হাজিৰা

P.C.The South First
দিন হাজিৰা
আমি তোমালোকৰ দৰে
সপোন দেখিব নাজানো–!
পুৱাৰ পৰা গধূলিলৈকে
পেটৰ ক্ষুধা নিবাৰণৰ বাবে
পৰিশ্ৰম কৰোঁতে কৰোঁতে
সপোন দেখিবলৈ সময়নো ক’ত পাম আমি ?
আমি তোমালোকৰ দৰে
দামী দামী পোছাকেৰে নিজক সজাব নোৱাৰোঁ–!
দিনটোৰ শ্ৰমৰ অন্তত পোৱা টকাকেইটাৰে
নূন্যতম প্ৰয়োজনীয় বস্তুবোৰ কিনাৰ পিছত
হাতত দেখোন টকাই নাথাকে।
সাজ-পাৰ মলিয়ন হ’লেও
চলি যায় যেনে-তেনে।
বাওনা হৈ চন্দ্ৰলৈ নেমেলোঁ  হাত
যিমানৰ মানুহ সিমানতে আমাৰ সন্তুষ্টি ।
আমি তোমালোকৰ দৰে
অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবও নোৱাৰোঁ–!
আঁখলৰ জুইকুৰা নজ্বলিব বুলিয়েই
সকলো অত্যাচাৰ নীৰৱেই যাওঁ সহি।
তথাপি তোমালোকক কওঁ–
দিন-হাজিৰা কৰি পোৱা টকাকেইটাৰে
পৰিয়ালটোৰ সদস্যবোৰক লঘোণে নাৰাখিব পাৰিলেই
আমাতকৈ বেছি কোনো নহয় সুখী –!
                                                                                                                                                                        ৰচনা- আয়নাল হক,ধুবুৰী