দিনবোৰ হেৰাই গল – মইনুল হক

PC - iStock
দিনবোৰ হেৰাই গল
মইনুল হক
হেৰাই গল
অতীতৰ মধুৰ ক্ষণ।
দিনবোৰ সৰল
ৰাতিবোৰ সাধু আছিল
মনত আছিল ঐক্যতান
জাতি ধৰ্মত একতাৰ বান্ধ
মদন কাকুৰ ঢোলৰ চেও
ৰহিমা পেহীৰ নাচোনৰ ডেও
ফুলকু চাছাৰ বাঁহীৰ সুৰত
সম্বাৰুয়ে গাইছিল ভজন- ভাগৱত
ফাতেহা দোৱাজ দাহমত ৰাজুৰ ক্বীৰাত
সৰস্বতী পুজাত ছুলেইমানৰ পূজা-পাঠ
অতি ধৰ্মৰ ধামখুমিয়াত
দিনবোৰ হেৰাই গল।
সমাজ সংস্কাৰ সু-শাসনত
ধৰ্মৰ সংস্কাৰ পবিত্ৰ মনত।