দিতিমণি গগৈৰ গ্ৰন্থ ‘ওৰণি গুচাই’ আৰু ‘শংখ নিনাদ’ উন্মোচন

দিতিমণি গগৈৰ গ্ৰন্থ ‘ওৰণি গুচাই’ আৰু ‘শংখ নিনাদ’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকা ইছমত চুগতাই এগৰাকী সাহসী আৰু বাস্তৱধৰ্মী লেখিকা হিচাপে পৰিচিত৷ নাৰীবাদী লেখিকাগৰাকীৰ গল্প আৰু আন লেখাৰ সংকলন Lifting the Veil নামৰ ইংৰাজী গ্ৰন্থখন শেহতীয়াকৈ অসমীয়ালৈ অনুবাদ কৰিছে সুলেখিকা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুবাদ শাখাৰ বিশেষ বিষয়া দিতিমণি গগৈয়ে৷ প্ৰজ্ঞা মিডিয়াহাইপ প্ৰকাশনৰ নৱতম সংযোজন ‘ওৰণি গুচাই’ শীৰ্ষক গ্ৰন্থখনি আজি গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ এলম্‌নাই ভৱনৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হয়।দিতিমণি গগৈৰ ‘শংখ-নিনাদ’ নামৰ কাব্য-সংকলনখনো উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয়৷ গ্ৰন্থদুখন উন্মোচন কৰে বিশিষ্ট লেখক-সমালোচক, গৱেষক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰গোৱিন্দ প্ৰসাদ শৰ্মাৰ বিশিষ্ট লেখক-সমালোচক প্ৰভাত বৰা, বিশিষ্ট লেখক-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড॰ বিভাস চৌধুৰী, বিশিষ্ট কবি আনিছ-উজ-জামান, বিশিষ্ট কবি ড॰ লুটফা হানুম ছেলিমা বেগম, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড॰ ধূৰ্জ্জটি শৰ্মা, আৰু বিশিষ্ট লেখক-সমালোচক জ্যোতি খাটনিয়াৰে। গ্ৰন্থদুখনৰ উন্মোচনী ভাষণত ড॰গোৱিন্দ প্ৰসাদ শৰ্মাই কয় যে দিতিমণি গগৈয়ে উৰ্দু সাহিত্যৰ প্ৰখ্যাত লেখিকাগৰাকীৰ কিতাপ অসমীয়ালৈ অনুবাদ কৰি এক বহু দৰকাৰী আৰু প্ৰশংসনীয় কাৰ্য সম্পাদন কৰিছে। এই কাৰ্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰাৰ লগতে অসমীয়া লেখক সমাজক আৰু পঢ়ুৱৈসকলক নতুন সোৱাদ প্ৰদান কৰিব বুলিও ড॰ শৰ্মাই কয়। একেদৰে প্ৰখ্যাত সমালোচক প্ৰভাত বৰাইও দিতিমণি গগৈৰ উভয় গ্ৰন্থই অসমীয়া পঢ়ুৱৈসমাজক নতুন অনুভৱ আৰু অভিজ্ঞতাৰ স্বাদ দিব বুলি আশা প্ৰকাশ কৰে। বিশিষ্ট লেখক-সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড॰ বিভাস চৌধুৰীয়ে দিতিমণি গগৈৰ এই দুই গ্ৰন্থত আশা-সম্ভাৱনা আৰু প্ৰতিশ্ৰুতিৰ বতৰা কঢ়িওৱা বুলি মন্তব্য কৰে। বিশিষ্ট কবি আনিছ-উজ-জামান আৰু বিশিষ্ট কবি ড॰ লুটফা হানুম ছেলিমা বেগমে দিতিমণি গগৈৰ কবিতাত মাটিৰ গোন্ধ, সেউজীয়া পৃথিৱীৰ স্বপ্ন, আৰু মানুহৰ প্ৰতি অসম্ভৱ প্ৰেম-ভালপোৱাৰ প্ৰতিফলন ঘটা বুলি মন্তব্য কৰে। ইয়াৰ পূৰ্বে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ সহকাৰী অধ্যাপক ড॰ ধূৰ্জ্জটি শৰ্মা, আৰু বিশিষ্ট লেখক-সমালোচক জ্যোতি খাটনিয়াৰে গ্ৰন্থদুখনিৰ সন্দৰ্ভত চমু ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত কণমাণি শিল্পী সম্প্ৰীতি হাজৰিকাৰ বৰগীত পৰিৱেশন আছিল অতি মনোমোহা।