দিছপুৰ প্ৰেছ ক্লাবত কৈৱৰ্ত সন্মিলনীৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি অসম প্ৰদেশৰ অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰ প্ৰকৃততে অনুসূচিত জাতিৰ লোক নহয় বুলি অভিযোগ উথ্থাপন কৰে কৈৱৰ্ত সন্মিলনী,অসমৰ কাৰ্যকৰী সভাপতি ডম্বৰুধৰ দাস আৰু প্ৰধান সচিব অমৰেন্দ্ৰ দাসে৷ দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল অনুষ্ঠিত কৰি সংগঠনটোৰ নেতাদ্বয়ে কয়- সামাজিক মাধ্যমত অনুসূচিত জাতি মৰ্চাৰ সভানেত্রী মুন স্বর্ণকাৰৰ জাতি সন্দৰ্ভত তথ্য সহকাৰে প্ৰকাশ পাই অহাৰ পাছতো অসম ৰাজ্যিক বিজেপিয়ে মৌনতা অৱলম্বন কৰি অহা পৰিলক্ষিত হৈছে । আমি অসমৰ অনুসূচিত জাতিৰ বিভিন্ন দল – সংগঠনে বিজেপি অনুসূচিত জাতি মৰ্চাৰ সন্মানীয় সভাপতি পদটোত এজন প্ৰকৃত অনুসূচিত জাতিৰ লোকক অধিষ্ঠিত কৰাটো আন্তৰিকতাৰে বিচাৰো । কিন্তু তাৰ বিপৰীতে এজনী অনা – অনুসূচিত জাতিৰ মহিলাক সেই গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াৰ বাবে অসমৰ অনুসূচিত জাতিৰ বিভিন্ন দল – সংগঠনে আজিকোপতি ক্ষোভ প্রকাশ কৰি আহিছে আৰু মুন স্বর্ণকাৰক উক্ত পদৰ পৰা আঁতৰ কৰাৰ বাবে বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ অনুসূচিত জাতিৰ বিভিন্ন দল – সংগঠনে বহুদিনৰ পৰা প্ৰতিবাদ কৰি আহিছে । চৰকাৰী তথ্য অনুযায়ী মুন স্বর্ণকাৰৰ জাতিগত প্ৰমাণ – পত্ৰৰ ক্ৰমিক নং- ৩২৫ , দিনাংক ১১ / ০৬ / ২০১০ ইং তাৰিখৰ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা লৈছিল । প্ৰমাণ পত্ৰত উল্লেখ থকা মতে তেওঁৰ উপজাতি ‘ বণিয়া ‘ । কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত গঠিত ৰাজ্যিক পৰ্যায়ৰ জাতিগত প্ৰমাণ – পত্ৰ পুনৰীক্ষণ সমিতিৰ এটা হুকুমত নং টিএডি /বিচি /৮০৯ /২০১৩ /২৭৪ , দিনাংক দিছপুৰ-১৫ ফেব্ৰুৱাৰী , ২০১৪ স্পষ্টকৈ উল্লেখ আছে যে , অনুসূচিত জাতিৰ ‘ বণিয়া ’ উপজাতিৰ লোক , সোণ – ৰূপৰ কাম কৰা অকল খিলঞ্জীয়া অসমীয়া সকলহে অনুসূচিত জাতিৰ লোক হয় । অসম চৰকাৰৰ ৰাজ্যিক পুণৰীক্ষণ সমিতিৰ উচ্চস্তৰীয় পাঁচজনীয়া সমিতিৰ স্পিকিং অৰ্ডাৰ নংটিএডি/বিচি /৫৯৬/২০১৩ , দিনাংক- দিছপুৰ- ২৬ডিচেম্বৰ,২০১৩ৰ নিৰ্দেশনাত উল্লেখ থকা মতে বিনোদ কুমাৰ প্ৰসাদ , পিতা- কেদাৰ প্ৰসাদ , উপজাতি বণিয়া হোৱাৰ বাবে তেওঁৰ জাতিগত প্ৰমাণ পত্ৰ বৈধ নহয় বুলি তেওঁৰ জাতিগত প্ৰমাণ পত্ৰ নাকচ কৰিছিল । মুন স্বর্ণকাৰো এজনী অনা – অসমীয়া লোক । সেই অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ লৈ তেৱে বৰাকভেলীৰ পৰা ২০১১ বৰ্ষত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । অন্যহাতে আমি জানিব পৰা মতে মুন স্বর্ণকাৰৰ পিতৃৰ পৰিয়ালৰ বিভিন্নলোকে অবিচি /এমঅবিচি জাতিগত প্ৰমাণ পত্ৰ লৈ চৰকাৰৰ পৰা বিভিন্ন সা – সুবিধা আদায় কৰি আহিছে । অসমৰ মহামান্য ৰাজ্যপালৰ অধিসূচনা নং-টিটিডব্লিঅডি.৬৪ /২০০৭ / পিটি -১/ ২০৩ দিনাংক-০৪/০৫/২০১৭ অনুযায়ী মুন স্বর্ণকাৰেও কৰিমগঞ্জ জিলাৰ মহকুমাহ চাহ জনজাতিৰ উন্নয়ন বৰ্ডৰ সদস্য হিচাপে নিযুক্তি লাভ কৰিছিল । তেওঁৰ কাৰ্যকালত কৰিমগঞ্জ জিলাৰ অবিচি /এমঅবিচি বিভিন্ন উন্নয়নমূলক আঁচনি আৰু হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত চাহ – জনজাতিৰ উন্নয়ন বৰ্ডৰ সদস্য হিচাপেহে কাৰ্যনিৰ্বাহ কৰিছিল । মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডব্লিঅপ(চি) নং ২৪৭৭ /২০০৯ , হুকুমত উল্লেখ থকা মতে অকল অসমীয়া লোকহে বণিয়া সম্প্ৰদায়ৰ হ’ব পাৰে । যিহেতু মুন স্বর্ণকাৰ খিলঞ্জীয়া অসমীয়া নহয় , তেনেস্থলত তেওঁ অনুসূচিত জাতিৰ বণিয়া সম্প্ৰদায়ৰ কেতিয়াও হ’ব নোৱাৰে । সেই একেজন মুন স্বর্ণকাৰে এমঅবিচি হৈওঁ অসম ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ দৰে গুৰুত্বপূৰ্ণ সভানেত্রী পদত নিযুক্তি লাভ কৰাতো দুর্ভাগ্যজনক৷ ২৫/০৮/২০২১ তাৰিখে বৰাক উপত্যকাৰ পৰা সমতা সৈনিক দলে মুন স্বৰ্ণকাৰ চাহ জনজাতি সম্প্ৰদায়ৰ বুলি সংবাদ মেল পাতি তেওঁৰ নিযুক্তিৰ বিৰোধিতা কৰিছিল যদিও অসম ৰাজ্যিক বিজেপিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে । ব্যক্তিগত মুনাফাৰ বাবে আৰু ৰাজনৈতিক সুবিধা লাভৰ বাবে এবাৰ চাহ জনজাতি আৰু এবাৰ অনুসূচিত জাতিৰ বুলি পৰিচয় দিবলৈ গৈ তেওঁ যে প্ৰকৃততে অনুসূচিত জাতিৰ নহয় , তাকেই প্রতিপন্ন কৰিছে । অসমৰ মুখ্যমন্ত্ৰী , সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীৰ এইক্ষেত্ৰত আমি হস্তক্ষেপ বিচৰাৰ লগতে অসম ৰাজ্যিক বিজেপিৰ সন্মানীয় সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাই সাংগঠনিক স্থিতি স্বচ্ছ আৰু মজবুত কৰাৰ স্বাৰ্থত অসমৰ প্ৰায় ৩৫ লাখ অনুসূচিত জাতিৰ লোকৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকৃত অনুসূচিত জাতিৰ এজন যোগ্য ব্যক্তিক- মহিলাক মুন স্বর্ণকাৰৰ ঠাইত নিযুক্তি দিবলৈ দাবী জনালোঁ । ইয়াৰ লগতে কৈৱৰ্ত্ত সন্মীলনী অসমে উপস্থাপন কৰা মহামান্য ন্যায়ালয়ৰ আৰু ৰাজ্যিক পুনৰীক্ষণ সমিতিৰ নিৰ্দেশনাৱলীৰ আধাৰত মুন স্বর্ণকাৰৰ জাতিগত প্ৰমাণ – পত্ৰ পুনৰীক্ষণ কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ । মিচলীয়া , ভুৱা তথ্য যোগান ধৰি জাতিগত প্ৰমাণ পত্ৰ লোৱা সুবিধাবাদী নেত্রী মুন স্বর্ণকাৰক আমি প্রত্যাহ্বান জনালো , যাতে স – সন্মানে উক্ত পদবী ( মৰ্চাৰ সভানেত্রী পদ ) ত্যাগ কৰে ।