দিছপুৰ প্ৰেছক্লাবত অসমীয়া যুৱ মঞ্চৰ সংবাদ মেল
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী দিছপুৰ প্ৰেছ ক্লাবত অসমীয়া যুৱ মঞ্চৰ এখন সংবাদমেল অনুষ্ঠিত হয়।উক্ত সংবাদমেলত উপদেষ্টা বিপুল মহন্ত আৰু সভাপতি যাদৱ গগৈ আৰু কাৰ্যকৰী সভাপতি ইমতাজ আহমেদ আৰু অভিলাশ গোহাঁই সাংগঠনিক সম্পাদক উপস্থিত থাকে। লগতে অসমীয়া মহিলা মঞ্চৰ সম্পাদিকা ৰাণু তামুলী উপস্থিত থাকে। দৰং জিলাৰ শিপাঝাৰ ৰাজহ চক্ৰৰ ভৱ নাথ নামৰ এজন ঠিকাদাৰে পূৰ্ণিমা ইন্দাস্ত্ৰী নামৰ শ শ বিঘা মাটি আৰু সমবায় ব্যক্তিগত মাটি ক্ৰয় কৰি পুখুৰী খন্দা দেখা গৈছে। ইয়াৰ ফলত বঠা বিল খনৰ “ভূমি শেষ হৈ গৈছে তাৰ ফলত বিলখন ধ্বংস হৈ গৈছে ।ভৱ কুমাৰ নাথে ইন্দাস্ত্ৰী নামত শ শ বিঘা মাটি ক্ৰয় কৰি আৰু অবৈধ ভাৱে দখল কৰি বিল খন ধ্বংস কৰাৰ লগতে ওচৰৰ মানুহৰ অসুবিধা সন্মুখীন হৈছে। যি সকলে বিলৰ পৰা মাছ বিক্ৰী কৰি উপাৰ্জন কৰি চলি আছিল সিহঁতৰ জীৱন নিৰ্বাহত অসুবিধা সন্মুখীন হৈছে। অসমত উপনিৰ্বাচনৰ ৫ টা সমষ্টিত হৈ থকা হিংসাত্মক ঘটনা বিলাক উত্তৰ প্ৰদেশৰ দৰে সংঘটিত হৈছে। এই ক্ষেত্ৰত অসমৰ বিজেপি কংগ্ৰেছ দলক কব বিচাৰিছোঁ যে অসম খন সম্প্ৰীতিৰ এনাজৰী ডাল থানবান নকৰি প্ৰকৃত ৰাজনৈতিক নিৰ্বাচন খেলিব বাবে অসমীয়া যুৱ মঞ্চৰ পৰা আহ্বান জনালে। লগতে যি ঘটনা সংঘটিত কৰে দুয়োটা দলে আইন গট ব্যৱস্থ লবলৈ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। শিলচৰ জিৰিপামৰ পৰা মেঘালয় হৈ যোৰহাট হৈ অবৈধ চুপাৰি সৰবৰাহ হৈ আছে। তাৰ সমান্তৰাল কৈ ডিমাপুৰ পৰা ৰঙাজান হৈ নুমলীগৰ হৈ বহি ৰাজ্যলৈ চুপাৰি সৰবৰাহ হৈ আছে আৰু মেৰাপানী নাওজান চুঙাজান সৰুপথাৰ অঞ্চলত ব্ৰাহ্মী চুপাৰি মজুত কৰি ৰাখি মেৰাপানী হৈ গোলাঘাট নগৰ হৈ নুমলীগৰ গৈ বহি ৰাজ্যলৈ সৰবৰাহ হৈ আছে। চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত জৈনক হাতীবৰুৱা, জৈনক মহন্ত, জৈনক শইকীয়া, জৈনক গুপ্তা আৰু দুজন মান অখিলঞ্জীয়া ব্যক্তিয়ে অবৈধ ব্ৰাহ্মী চুপাৰি সৰবৰাহ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। স্মাৰ্ট মিটাৰৰ ফলত বহুত মানুহৰ অসুবিধা সন্মুখীন হৈছে। আগতে যত এটা মাহত 500/1000 বিল আহিছিল এতিয়া সেয়া গৈ 5000/10000 হৈছেগৈ। স্মাৰ্ট মিটাৰৰ নামত অসমীয়া মানুহক হাৰাশাস্তি প্ৰদান কৰিছে। বৰ্ত্তমান চৰকাৰ খনে জনসাধাৰণক চামুছে দি বেলচাৰে চুচি আনিছে। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত অসমৰ বাহিৰত উদ্যোগ বিলাকত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা দেখা যায়। তেনে ক্ষেত্ৰত অসম চৰকাৰে দিল্লীক সান্তনা দিবৰ বাবে অসমৰ জনসাধাৰণৰ মূৰত অধিক বুজা জাপি দি অৰুনোদয় আঁচনি নামত মহিলা সকলক 1250টকা দি বিষয় তো গাপ দিয়াৰ চেষ্টা কৰিছে। ইয়াৰ সমান্তৰাল কৈ অসমত খাদ্য সামগ্ৰী আকাশ লম্ভি দামে জনসাধাৰণক জুৰুলা কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ যোগান মন্ত্ৰী গৰাকীয়ে চকু মুদা কুলিৰ ভাও ধৰি কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বাবে ৰাজ্য খনত আকাশ লম্ভি সামগ্ৰী দামত জনসাধাৰণক জুৰুলা কৰিছে৷