দিছপুৰত সাহিত্য অনুসন্ধানী গোটৰ সৌজন্যত ৰাজেন চন্দ্ৰ দত্ত সোঁৱৰণী বঁটা দুই সমাজসেৱীলৈ প্ৰদান

দিছপুৰত সাহিত্য অনুসন্ধানী গোটৰ সৌজন্যত ৰাজেন চন্দ্ৰ দত্ত সোঁৱৰণী বঁটা দুই সমাজসেৱীলৈ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- ‘দিছপুৰ প্ৰেছ ক্লাব’ প্ৰাংগণত “সাহিত্য অনুসন্ধানী গোট” ৰ সৌজন্যত ৰাজেন চন্দ্ৰ দত্ত সোঁৱৰণী বঁটা দুৰ্গতজনৰ পক্ষত থকা দুই সমাজসেৱীলৈ প্ৰদানৰ লগতে এখনি মনোগ্ৰাহী কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশনৰ মাজত অনুষ্ঠিত হৈ যায় । অনুষ্ঠানত ৰাজেন চন্দ্ৰ দত্ত সোঁৱৰণী সমাজসেৱী বঁটা গুৱাহাটীৰ নৱগ্ৰহ শ্মশানৰ স’তে নিবিড় ভাৱে জড়িত হিৰামন চৌধুৰীক আৰু সমাজ হিতৈষী বঁটা শিক্ষাবিদ- লেখিকা ড০ সুচিত্ৰা কাকতিক প্ৰদান কৰা হয় । আদিতে বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি বিশিষ্ট গীতিকাৰ, সাহিত্যিক, প্ৰাক্তন প্ৰশাসনিক বিষয়া শচীন দাসে কয়- “নীৰৱে একাংশ মানুহে সমাজৰ কাম কৰে । কিন্তু স্বীকৃতি নাপায় ।বৰ পৰিতাপৰ বিষয় । আমি ৰাইজে গুণী জনক জীয়াই থাকোঁতেই সন্মান দিব লাগে । অসমীয়া ভাষা কোনো কালে বিলুপ্ত নহয় । ব্ৰহ্মপুত্ৰ বাধাগ্ৰস্ত হ’লেও অসমীয়া ভাষা-সংস্কৃতি কেতিয়াও বাধাপ্ৰাপ্ত নহয় ।” গোটৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ আদৰণি ভাষণ দিয়ে গোটৰ সভাপতি তথা বিশিষ্টা লেখিকা ড০ গীতা দত্ত চহৰীয়াই । সভাৰ বিশিষ্ট অতিথি হিচাপে সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা, ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ আৰু সদৌ অসম কবি চক্ৰৰ সভাপতি অনুপ কুমাৰ তালুকদাৰে অংশ লয় । মমা গুপ্তাই গোৱালপৰীয়া লোকগীতেৰে আৰম্ভ কৰা সভাত মৈথিলী কবি ললিত কুমাৰ ঝা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অলকা দত্ত দাস, চহৰ- চমতা মণছৰ সভাপতি অবনীত কৌৰ দীপালী, ৰাজলক্ষ্মী আগৰৱাল, পৰিমল দে, পৰেশ চন্দ্ৰ ডেকা, জকচন উব্ৰা, মিনতি বৰুৱা, ৰীতামণি বৰদলৈ, কবিতা দেৱী, পুতুলী ঠাকুৰীয়া মেধি, পূৰৱী দেৱী, নিশা দাস, কুমুদ শৰ্মা শাহানি, ইমতিয়াজুৰ ৰহমান হাজৰিকা, নন্দিতা দত্ত দাস প্ৰভৃতিয়ে অসমীয়া, হিন্দী, বাংলা, ইংৰাজী , বিষ্ণুপ্ৰিয়া মণিপুৰী, মৈথেলী আদি ভাষাৰ কবিতা পাঠ কৰে ।