দিছপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ বৈঠক

Pc East Mojo Assam

দিছপুৰত অসম প্ৰদেশ কংগ্ৰেছৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, চীফ হুইপ ওৱাজেদ আলী চৌধুৰী আৰু বিধায়ক সকলৰ উপস্থিতিত দিছপুৰত অসম কংগ্রেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত প্ৰদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা, কাৰ্যকৰী সভাপতিত্ৰয় ক্ৰমে ৰাণা গোস্বামী, কমালক্ষ দে’ পুৰকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, সাংসদ ৰিপুন বৰা, গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, ৰাণী নৰহ, আব্দুল খালেক আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।অসম কংগ্রেছ বিধায়িনী দলৰ উক্ত বৈঠকত তলত উল্লেখ কৰা সিদ্ধান্ত সমূহ লোৱা হয়। প্ৰথম পৰ্যায়ত কংগ্রেছ দলত ৩৩ লাখ সদস্য ভৰ্ত্তি কৰোৱা হ’ব। ইতিমধ্যে ৮.৫০ লাখ আবেদন পত্ৰ বিতৰণ কৰা হৈছে। প্ৰতি গৰাকী বিধায়কে নিজৰ জিলাখনৰ উপৰিও আন এখন জিলাৰ সদস্য ভৰ্তি আৰু নবীকৰণৰ সম্পূৰ্ণ দায়িত্ব ল’ব। লোকসভাৰ সাংসদ সকলে তেওঁ লোকৰ সমষ্টিৰ অন্তৰ্গত জিলা সমূহৰ দায়িত্ব ল’ব। ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই তেজপুৰ লোকসভা আৰু ৰাণী নৰহে লখিমপুৰ জিলাৰ সদস্য ভৰ্তিৰ দায়িত্ব ল’ব।৩. ৩৩ লাখ সদস্য ভৰ্তিৰ আবেদন পত্ৰ ব্লক কংগ্রেছ আৰু জিলা কংগ্রেছ কমিটীলৈ প্ৰেৰণ কৰাৰ পাছত মেগা সদস্য ভৰ্তি অভিযানৰ বাবে এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰা হ’ব আৰু সেই দিনটোত প্ৰতি গৰাকী নেতাই নিজৰ বুথত উপস্থিত থাকি সদস্য ভৰ্তি কৰিব লাগিব।স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দুতৰপিয়া কমিটী গঠন কৰা হৈছে যাতে সেই এলেকা সমূহত দলীয় সংগঠন মজবুত হয়। সাংসদ প্ৰদ্যুত বৰদলৈৰ অধ্যক্ষতাত অহা জানুৱাৰী মাহত দলৰ এক মস্তিষ্ক মন্থন বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মস্তিষ্ক মন্থনত দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে জ্যেষ্ঠ নেতা সকলৰ নেতৃত্বত ৯ খন উপ সমিতি কৰি দিয়া হৈছে।বিধানসভা অধিবেশনৰ পাছত ডিচেম্বৰ মাহত নিখিল ভাৰত কংগ্রেছ কমিটীৰ নিৰ্দেশ মৰ্মে এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হ’ব৷