দিখৌমুখ দেওঘৰীয়া নামঘৰত অশোকাষ্টমী ৰ লগত সংগতি ৰাখি ”দিলীপ ৰ অশ্বমেধ যজ্ঞ” পৰিবেশন
দিখৌমুখ, অনুপম ভৰালী,ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলা ৰ দিখৌমুখ দেওঘৰীয়া নামঘৰত অশোকাষ্টমী ৰ লগত সংগতি ৰাখি আগদিনা ”দিলীপ ৰ অশ্বমেধ যজ্ঞ” পৰিবেশন কৰা হয়। ৫০ বছৰৰ পৰা ৮৫ বছৰ ৰ উধ্বৰ বয়োজেষ্ঠ সকলে অভিনয় কৰিছিল ভাওনা খনত। বয়োজ্যেষ্ঠ লোক ৰ পৰিচালনা আৰু অভিনয়ৰে আৰম্ভ হোৱা ভাওনা ভাগি ত সুবুদ্ধি ৰ চৰিত্ৰ ত৮৫বছৰীয়া কুশৰাম বৰুৱা ই ।প্ৰতিগৰাকী ভাৱৰীয়াৰ পৰা কম-বেছি পৰিমাণে সুন্দৰ অভিনয় আদায় কৰিবলৈ সক্ষম হৈছে। লুপ্ত হৈ যাব ধৰা পৰি নৃত্য ৰূপায়ণ কৰে প্ৰত্যাশা বৰুৱা,মৌ কুহি বড়া ,জোনাক নন্দিনী বড়া,বিস্মৃতা বৰুৱা,সুপ্ৰতীম বৰুৱা মাজত অলেখ প্ৰতিভা লুকাই আছে আদি কৰি ৭ টি কণমানি য়ে । বৰুণ (সত্যজিৎ ভৰালী)কৃষ্ণ (অৰূপ বড়া), দিলীপ (দিনেশ কলিতা),শ্ৰুতবান (বিপ্লৱ বৰুৱা),পাপ( দিগন্ত বৰুৱা) আৰু ধৰ্ম (প্ৰণৱ ভৰালী), ইন্দ্ৰ ( মনোজ দত্ত ), উগ্ৰশৰ্মা (নীল দত্ত) প্ৰচণ্ড (লোহিত বৰুৱা)সুন্দৰ, সংযত আৰু বলিষ্ঠ অভিনয় প্ৰদৰ্শন কৰিছে।ক্ৰিয়াঞ্চ বৰুৱা আৰু অংকৰজ্যোতি বৰুৱা মাজত সম্ভাৱনা লুকাই আছে। অন্যান্য চৰিত্ৰত অভিনয় কৰা ভাৱৰীয়াসকল হ’ল— সত্যৱতী (নিৰূপ বড়া), বিৰেন্দ্ৰ সিংহ(মাধূৰ্য্য বড়া,ৰঘু (অৰুণ কলিতা)প্ৰবণ(অম্লান জ্যোতি বৰুৱা)। সকলোতকৈ ডাঙৰ কথা যে নগা চৰিত্ৰ ত অভিনয় কৰি ক্ৰমে কুণ্ডিল ভৰালী, বিনন্দ বৰুৱা,দীপক বৰুৱা, দেৱজিৎ ভৰালী, পংকজ কলিতা ই হাহি ৰ খোৰাক আৰু পেটৰ নাৰি চিগি যোৱাকৈ দৰ্শক ক হাহি ৰে আপ্লুত কৰিলে ।যি সময়ত বিভিন্ন সময়ত বিতৰ্ক ৰ অৱতৰ্ণ ত ভাওনা সময়ত সোমাই পৰে সেই সময়ত পুৰণা শৈলীৰে ভাওনা প্ৰদৰ্শন কৰে জ্যোতি প্ৰসাদ ভৰালী (বায়ন )আৰু সংগী বৃন্দই তাল ৰাগ ৰাখি সুন্দৰ কৈ।লোককলা-লোককৃষ্টিৰ প্ৰতি আজিৰ প্ৰজন্মৰ আগ্রহ কমি অহা সময়ত যুৱ সমাজ ক আকৌ উৎযিবিত কৰিবলৈ অনুপম সৃষ্টি ভাওনা ত অভিনয় কৰা দৃশ্য ই সচাকৈয়ে এক আদৰণীয়। ভাওনা প্ৰেমী ৰাইজে সলাগ লৈছে বয়োজেষ্ঠ অশেষ ত্যাগ ৰ বিনিময় ত উৎযাপিত হোৱা ভাওনা ভাগি ক।