দাৰিদ্র্য সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল ৰেহাই
ৰঙিলী বাৰ্ত্তাসেৱা- আর্থিকভাৱে দুর্বল শিক্ষার্থীক বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিশেষ আঁচনিৰ অংশস্বৰূপে দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ বাবে ৰেহাই মাচুলৰ আৰ্থিক অনুদান মুকলি কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অন্তৰ্গত দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ নামভৰ্তিৰ ৰেহাই মাচুল ডি বি টিৰ জৰিয়তে বিদ্যালয়সমূহক প্রদান কৰা হয়। এই অনুষ্ঠানতে শিক্ষামন্ত্ৰীৰ ঘোষণা- অহা বৰ্ষৰ ভিতৰত প্ৰতিখন বিদ্যালয়তে স্মার্ট ক্লাছৰুমৰ নির্মাণকার্য সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য হাতত লোৱা হৈছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে প্রযুক্তিৰ সহায়ত শিক্ষাগ্রহণৰ সুবিধা লাভ কৰিব। সেয়াই নহয়, অতি সোনকালে শিক্ষকসকলৰ সুবিধার্থে প্রথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইউটিউবৰ মাধ্যমেৰে সকলো শ্ৰেণীৰ পাঠ উপলব্ধ হ’ব, যাতে যিকোনো সময়ত শিক্ষার্থী বা শিক্ষকসকলে যিকোনো বিষয়ত পাঠদান নতুবা গ্ৰহণৰ সুবিধা লাভ কৰিব পাৰে। এই অনুষ্ঠানতে শিক্ষক নাটনিৰ প্ৰসংগত শিক্ষামন্ত্রী ডাঃৰণোজ পেগুৱে কয় যে বিভিন্ন সময়ত মাধ্যমিক পর্যায়ত শিক্ষকৰ নাটনিৰ কথা উত্থাপন হোৱা পৰিলক্ষিত হয়। এই নাটনি দূৰ কৰাৰ বাবে শিক্ষা বিভাগে সময়ে সময়ে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আনহাতে বিষয় শিক্ষক নাটনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষকক নির্দিষ্ট ৱেবছাইটত গৈ তেওঁলোকৰ ডাটাসমূহ সম্পূৰ্ণকৈ আপলোড কৰাৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। এইক্ষেত্রত প্রধান শিক্ষকসকলে বিশেষ দায়িত্ব ল’ব লাগিব বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে এই অনুষ্ঠানত ২০২৪ বৰ্ষৰ একাদশ আৰু দ্বাদশ শ্রেণীত সৰ্বমুঠ ২,৫০,৮৯৯গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে চৰকাৰী আৰু প্ৰাদেশীকৃত ১,১৪৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ১৮ কোটি টকা ডি বি টিৰ জৰিয়তে প্ৰেৰণ কৰা হয়। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে আজি স্পষ্ট কৰি দিয়ে যে কোনো চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা পাঠদানৰ নামত মাচুল আদায় কৰিব নোৱাৰিব। অৱশ্যে বিদ্যালয়সমূহে অন্যান্য খৰচৰ বাবদ যেনে- আলোচনী, ক্রীড়া, আন্তঃগাঁথনি উন্নয়ন আদিৰ ক্ষেত্ৰত কম পৰিমাণৰ মাচুল আদায় কৰিব পাৰিব।