দায়িত্বশীল নাৰী
সত্যজিৎ গগৈ, নাহৰকটীয়া
আমাৰ সমাজ ব্যৱস্থাত সততে দেখিবলৈ পাঁও যে নাৰী সকল পুৰুষতকৈ অধিক দায়িত্বশীল।জন্মৰ পিচৰ পৰাই এগৰাকী নাৰী ক্ৰম অনুসৰি স্তৰে স্তৰে দায়িত্বশীল হ’বলৈ ধৰে।প্ৰথম স্তৰত পিতৃ-মাতৃৰ কথা শুনা।ডাঙৰে কৰিবলৈ দিয়া কাম সমূহ নিয়াৰীকৈ কৰা।সন্মান কৰিবলৈ শিকা।পিচৰ স্তৰত নিজৰ ঘৰখন পৰিষ্কাৰকৈ ৰখা।সকলোকে সন্মান কৰাৰ লগতে আত্মসন্মান জাগ্ৰত কৰিবলৈ শিকা।ঘৰৰ দায়িত্ব লবলৈ শিকা।তাৰ পিচৰ স্তৰত নিজৰ শৈক্ষিক,সামাজিক,সাংস্কৃতিক,অৰ্থনৈতিক আদি দিশসমূহত নিজকে আগবঢ়াই লৈ যোৱাৰ পৰা ঘৰখনৰ ভিতৰৰ বাহিৰৰ সকলো কথা তদাৰক কৰিবলৈ শিকা।বিবাহৰ পিচত স্বামীগৃহৰ দায়িত্ব।সন্তানৰ দায়িত্ব,সমাজৰ দায়িত্ব,কৰ্মজীৱনৰ দায়িত্ব।তাৰ মাজতে স্বামীৰ যতন,ফুৰা-চকাৰ বাবে নিৰ্দিষ্ট সময় উলিওৱা আদি সকলোবোৰ এগৰাকী নাৰীয়ে দায়িত্ব সহকাৰে কৰে।তাৰ বিপৰীতে কিন্ত এগৰাকী পুৰুষ উপৰুক্ত দায়িত্ব সমূহৰ পৰা অলপ হলেও আঁতৰত থকা দেখা যায়।সেয়েহে নাৰীক মানৱ সমাজে সদায় শ্ৰেষ্ঠ স্থানত ৰাখি আহিছে।আমি শাস্ত্ৰ নাইবা ইতিহাসৰ পৃষ্ঠা সমূহ লুটিয়াই চালেও দেখা পাঁও যে নাৰীক সকলোতে শ্ৰেষ্ঠ আসন দি আহিছে।যেনে ৰাধা-কৃষ্ণ,সীতা-ৰাম ইত্যাদি।অন্যান্য দেৱী সকল আৰু মহীয়সী নাৰী সকলৰ কথাটো আছেই।কিন্তু বৰ্তমান সময়ত বহু নাৰীয়ে নাৰী সমাজৰ সেই শ্ৰেষ্ঠ আসনৰ পৰা নিজকে অৱনমিত কৰাহে দেখিবলৈ পোৱা গৈছে।নাৰীয়েই হৈ পৰিছে হত্যাকাৰী,পৰকীয়া প্ৰেমীকা,ঠগ-প্ৰৱঞ্চক ইত্যাদি।যিদৰে এক বস্তা আলুৰ মাজত থকা এটা পঁছা আলুৱে গোটেই আলু বস্তাটোকেই বেয়া কৰি পেলাই,ঠিক তেনেদৰে দুই – এক নাৰীৰ বেয়া ব্যৱহাৰৰ বাবেই আজি সমগ্ৰ নাৰী সমাজেই লজ্জানত হ’ব লগা হৈছে।যি সময়ত চৰকাৰেও নাৰী সকলক উন্নতিৰ পথত আগবঢ়াই লৈ যাবৰ বাবে পদক্ষেপ লৈছে।তেনে সময়তে আমাৰ সমাজ ব্যৱস্থাক কলংকিত কৰি নাৰী সমাজক বদনামী কৰিব খোজা কথাবোৰে কি সূচাইছে!ইয়াৰ বাবে দায়ী কোন?কেৱল নাৰীয়েই নে?নিশ্চয় নহয়।এনেবোৰ সমস্যাৰ বাবে নাৰী সকলৰ সমান্তৰালকৈ পুৰুষ সমাজো দায়ী।আমাৰ সমাজত এতিয়াও বহু ভাল মানুহ আছে।আহক আমি সকলোৱে মিলি হাতে হাত ধৰি আগবাঢ়ি গৈ সেই কলংকিত অধ্যায় বোৰ মচি পেলাই নতুনকৈ শুদ্ধভাৱে সমাজখন গঢ়াত সহায় কৰোঁহক।আহক আমি সকলো নাৰীকেই পূৰ্বৰ দৰেই শ্ৰেষ্ঠ আসনত বহুৱাই ৰাখোঁ।যি নাৰী নহলেই নচলে আমাৰ সমাজ।