দায়িত্ববোৰ মূৰ পাতি জুৰুলা হোৱা জীৱন – চন্দ্ৰ শেখৰ পৰাজুলী

দায়িত্ববোৰ মূৰ পাতি জুৰুলা হোৱা জীৱন
 চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি
আমাৰ দেশত ‘ছোৱালী বচোৱা,ছোৱালী পঢ়োৱা’ আদি দৰে ছোৱালী বোৰক উদ্দেশ্য কৰি বহু পদক্ষেপ গ্ৰহণ কৰা হয়।এনে পদক্ষেপ সমূহ আমাৰ দেশৰ বাবে অতিকৈ আবশ্যক আৰু আমি প্ৰায় সকলো বৰ্গৰ মানুহে এনে পদক্ষেপ বোৰক লৈ সন্মান প্ৰদৰ্শন কৰা উচিত। কিন্তু আমি আমাৰ ছোৱালীবোৰৰ লগে লগে দুৰ্ভগীয়া পৰিয়াল আঁৰত থকা কিছু সংখ্যক ল’ৰা বা পুৰুষৰ কথা আমি কিয় অতি সহজে আওকাণ কৰি চলো। আচলতে মানুহৰ মাত্ৰে উচ্চ আৰু সফলতাৰ সপোন দেখা এক স্বাভাৱিক পক্ৰিয়া। যিহেতু আমাৰ সমাজখন এতিয়াও পুৰুষ প্ৰধানে হৈয়ে আছে। গতিকে বেচিভাগ ক্ষেত্ৰতে আমাৰ দৃষ্টিগোচৰ হোৱা একেবাৰে সামান্য পৰিয়ালৰ ল’ৰাৰ জীৱন মানে হ’ল,দায়িত্ববোৰ মূৰ পাতি জুৰুলা হোৱা জীৱন । আচলতে আমাৰ উচ্চ শ্ৰেণীৰ কথা পৰিহাৰ কৰি একেবাৰে মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ পুৰুষ সকলে নিজ নিজ পৰিয়ালৰ দায়িত্ববোৰ মূৰ পাতি ল’বলৈ বাধ্য হৈ পৰে। একেবাৰে সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰাৰ লগে লগে সেই পৰিয়ালৰ বেচিভাগ ক্ষেত্ৰতে পুৰুষ সকলে পৰিয়ালৰ ৰক্ষণাবেক্ষণ দায়িত্বত পৰি নিজ ইচ্ছাবোৰ নিজ মনৰ মাজতে দমন কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈ পৰে নহয়নে?। বেছিভাগ ক্ষেত্ৰতে আমাৰ মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ লোকসকলে হয়তো বেচৰকাৰীভাবে  ১০,০০০ বা ১২,০০০ হাজাৰ টকাৰ বিনিময়ত প্ৰায় ১০,১২ ঘণ্টা ধৰি পৰিশ্ৰম কৰি পৰিয়ালক পোহপাল দিয়াৰ উপৰিও নিজৰ বাবেও সামান্য সৰচবোৰ তাৰে মাজতে উলিয়াব লগা হয়। এইটো হ’ল বৰ্তমান সময়ত আমাৰ অসমৰ প্ৰচলিত থকা সামান্য মানুহৰ মাহিলী ভাট্টা। এতিয়া আপোলোকে চিন্তা কৰক এতিয়াৰ সময়ত বেচৰকাৰীভাবে উপাৰ্জন কৰা ১০,০০০ বা ১২,০০০ টকাৰ পৰা কিমান খৰছ কৰিব আৰু কিমান সঞ্চয় কৰিবলৈ সক্ষম হ’ব। গতিকে পুৰুষ প্ৰধান সমাজ এখনত মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ পুৰুষ সকলৰ জীৱন দিনক দিনে পতনৰ দিশে অগ্ৰসৰ হৈ থকাটো একেবাৰে স্বাভাৱিক নহয়নে?। ‘ছোৱালী বচোৱা, ছোৱালী পঢ়োৱা’ বহুত ভাল কথা কিন্তু বহু কম বয়সতে পৰিবেশ আৰু পৰিস্থিতিৰ মাৰৰ জৰিয়তে ভাঙি পৰা দুৰ্ভগীয়া পুৰুষ সকলৰ জীৱন বিষয়েও চিন্তা-চৰ্চা কৰাৰ সময় আহি পৰিছে। তথাপিও চাওঁক একেবাৰে সামান্য পৰিয়ালৰ পুৰুষ সকলক লক্ষ্য কৰিলে দেখিব যে, আন্তৰিকভাবে অস্বাভাবিক ৰূপত কান্দি থাকিলেও জগতৰ আগত খিলখিলাই হাঁহিবলৈ বাধ্য হৈ পৰে। আৰু গোটেই জীৱন ১০০ টকিয়া হাফ পেন্ট,২০০ টকিয়া চাৰ্টৰ পৰিধান কৰি নিজে পৰিধান কৰা পোছাকৰ মূল্য ১০০০ টকালৈও অতিক্ৰম কৰিবলৈ চিন্তনীয় সংগ্ৰাম আৰু সংঘৰ্ষময় প্ৰায় প্ৰতিঘৰ দুৰ্ভগীয়া পৰিয়ালৰ বিশেষকৈ পুৰুষ সকলৰ বৰ্তমান সময়ৰ এক জীৱন বৃত্তান্ত। গতিকে ‘ছোৱালী বচোৱা, ছোৱালী পঢ়োৱাৰ’ লগে‌ লগে দুৰ্ভগীয়া পৰিয়ালৰ পুৰুষ সকলকো ‘সহায় কৰা আৰু সাহস দিয়া’ পদক্ষেপবোৰ লাহে লাহেকৈ আমাৰ দেশত আৰম্ভ কৰি দিয়া উচিত। আচলতে আমাৰ দেশৰ প্ৰতিজন পুৰুষ সকল সম্পূৰ্ণ ৰূপত সবল,সফল আৰু সামৰ্থবান হৈ উঠিলেহে ‘ছোৱালী বচোৱা, ছোৱালী পঢ়োৱাৰ’ দৰে অন্যান্য সকলোখিনি পদক্ষেপ সঠিকভাৱে সফল ৰূপায়ন হৈ উঠিব।