দাম বেছি কিহৰ সুখৰ নে দুখৰ ?
অৰ্ণৱ কটকী
জাঁজী ,যোৰহাট
সুখী কিমান আমি !চেষ্টা কৰোঁ নে সুখী থকাৰ নিজেই। জীৱনৰ সৰ্পিল পথেৰে আগুৱাই যাওঁতে, আনৰ সুখৰ কথা চিন্তা কৰি কৰি কেতিয়াবা নিজক হেৰুৱাই দিওঁ। প্ৰতি খোজে আকোঁৱালি লয় দুখৰ এসাগৰ ধূলি। সুখী থকাৰ অভিনয়ত আমি সকলো সুনিপুণ । দাম কাৰ বেছি? সহজলভ্য দুঃখ দুৰ্লভ সুখ। দুখত ভাঙি পৰি হতাশা সাৱটি লোৱাতকৈ আমি দুঃখ বিলাক সুখলৈ সলনি কৰিব নোৱাৰোঁ নে?
হতাশা নাইবা দুখ ধ্বংসৰ বাবে হ’ব নালাগে, কৰ্মৰ মাজেৰে সকলো দুঃখ সৃষ্টিৰ মাজেদি উলিয়াই দিব নোৱাৰোঁ নে! সুখ বিচাৰি ফুৰিলেই সুখ নাহে কিন্তু নিবিচৰাকৈ দুঃখ কাষলৈ চাপি আহে। জীৱনত সকলো কথাই দৰকাৰ। দুখৰ আন্ধাৰ ৰাতি আৰু সুখৰ মিঠা বেলিটোৰ পোহৰৰ চুমা। এবাৰ ভাঙি পৰা মানুহ জনে বোলে ইউকেলিপ্তাচ গছৰ দৰে জিলিকি ৰয়, সুখৰ হাঁহি সামৰি লৈ।
দাম কাৰ বেছি বাৰু সুখৰ নে দুখৰ?