দাবী মীমাংসাৰ পদক্ষেপ গ্ৰহণ নকৰিলে ১৬ অক্টোবৰৰ পৰা সঞ্চালকালয়ত মহাবিক্ষোভ কাৰ্যসূচী চলিব

দাবী মীমাংসাৰ পদক্ষেপ গ্ৰহণ নকৰিলে ১৬ অক্টোবৰৰ পৰা সঞ্চালকালয়ত মহাবিক্ষোভ কাৰ্যসূচী চলিব

ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যতে অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই আহ্বান দিয়া ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচীৰ সমৰ্থনত নৱম দিনাও অব্যাহত ৰাখিছে ৰাজ্যখনৰ ৩১ খন জিলাত থকা কৰ্মী-সহায়িকা তথা মিনি কৰ্মীসকলে। প্ৰতিখন জিলাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকাৰ মাননি ১২ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী জাননী মতে এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুয়েটি আদায় দিয়া আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আদি শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মী-সহায়িকাই।আজি সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাৰ চাৰি শতাধিক কৰ্মী-সহায়িকাই প্ৰতিবাদ বিক্ষোভেৰে পৰিৱেশ উত্তাল কৰে বেলতলাস্থিত মহিলা আৰু শিশু কল্যান বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখ। বিক্ষোভ কাৰ্যসূচীত উপস্থিাত থাকে চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, ৰাজ্যিক উপ-সভাপতি বীৰেন শৰ্মা আৰু প্ৰতুল বৰ্মন, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ কাৰ্যকৰী সভাপতি বদন ভুঞা উপস্থিত থাকি কৰ্মী-সহায়িকাৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে। চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই জনায় যে আন্দোলন প্ৰতিদিনেই ব্যপকতৰ ৰূপ ধাৰণ কৰি আছে। তেখেতে আন্দোলনকাৰী সকলৰ প্ৰতি চৰকাৰ আৰু বিভাগীয় বিষয়াৰ উদাসিনতাক তীব্ৰ নিন্দা কৰে। কঠোৰ সমালোচনা কৰি তেওঁ কয় যে চৰকাৰে বৰ্তমানে নিকৃষ্ট দলীয় ৰাজনৈতিৰ আশ্ৰয় লৈ ভোট বেংক সৃষ্টি কৰাৰ স্বাৰ্থত লাখে লাখে ধন বিতৰণ কৰি আছে কিন্তু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাসকলক কঠোৰ পৰিশ্ৰমৰ বিনিময়ত আইনসিদ্ধ পাৰিশ্ৰমিক দিবলৈ অস্বীকাৰ কৰি আছে।চি আই টি ইউৰ অন্তভূক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী-সহায়িকা সন্থাই আহ্বান দিয়ে ৩ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজোৰা অসহযোগ কাৰ্যসূচী। এই কাৰ্যসূচীৰ সমৰ্থনত আজি নৱম দিনাও অব্যাহত ৰাখিছে ৰাজ্যখনৰ ৩১ খন জিলাত থকা কৰ্মী-সহায়িকা তথা মিনি কৰ্মীসকলে। প্ৰতিখন জিলাৰ মহিলা আৰু শিশু কল্যান বিভাগৰ জিলা কাৰ্যালয়ৰ সন্মুখত চৰকাৰৰ প্ৰতিশ্ৰুতি মতে কৰ্মী-সহায়িকাৰ মাননি ১২ হাজাৰ টকা পৰ্যন্ত বৃদ্ধি কৰা, অৱসৰপ্ৰাপ্ত কৰ্মী-সহায়িকা আৰু মিনি কৰ্মীক চৰকাৰী জাননী মতে এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়া, গ্ৰেছুয়েটি আদায় দিয়া আৰু অঙ্গনৱাড়ী কৰ্মী-সহায়িকাক নিয়মীয়া কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়া আদি শ্লোগানে দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মী-সহায়িকাই। উল্লেখযোগ্য যে অঙ্গনৱাড়ী কৰ্মী-সহায়িকাই কৰা গণতান্ত্ৰিক অসহযোগ কাৰ্যসুচী দমন কৰাৰ অপচেষ্টাত লিপ্ত হৈছে বিভাগীয় বিষয়াই। নানা প্ৰকাৰৰ মিছা প্ৰচাৰ চলাই আন্দোলন কাৰীৰ মনোবল ভাঙি দিয়াৰ নিকৃষ্ট অপচেষ্টাও চলাইছে আৰু চাকৰি পৰা বৰ্খাষ্ট কৰাৰো কথাও বিভাগীয় বিষয়াই আওপকীয়াকৈ ভাবুকি দিয়ে আন্দোলনকাৰী কৰ্মী-সহায়িকাক৷উল্লেখিত দাবীসমূহ ১৪ অক্টোবৰৰ ভিতৰত চৰকাৰে আন্দোলনকাৰীৰ সৈতে আলোচনা কৰি বিষয়বোৰ মীমাংসা নকৰিলে মহিলা আৰু শিশু কল্যান বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত ১৬ অক্টোবৰৰ পৰা ৰাজ্যিক ভিত্তিক অসহযোগ কাৰ্যসুচী চলাই থাকিব বুলি অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে ঘোষণা কৰে।