দানৱকেইটাই গুৰুতৰ শাস্তি পাবই লাগিব: গৰিমা গাৰ্গ
ৰঙিলী বাৰ্ত্তাসেৱা- শনিবাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ড গোচৰৰ দ্বিতীয়টো শুনানি কামৰূপ (মহানগৰ), জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হয়। শুনানিৰ সময়ত আদালতত উপস্থিত থাকে জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে থকা অভিযোগৰ শুনানি গ্রহণ কৰি অহা ১৭ জানুৱাৰীত আদালতে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখ্য যে আদালতত জুবিন হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত অমৃত প্রভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই জামিন আবেদন দাখিল কৰে। আদালতে জামিন আবেদনৰ শুনানি লয় যদিও কোনোধৰণৰ ৰায় দিয়াৰ পৰা বিৰত থাকে। অসমৰ অধিবক্তা সমাজে জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্তসকলৰ কোনোধৰণৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে এতিয়া জুবিন হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তৰ পৰিয়ালে গোচৰটোৰ বাবে অধিবক্তা নিয়োগ কৰিছে। জানিব পৰা মতে, আদালতত অমৃতপ্রভা মহন্তৰ জামিন আবেদনৰ হৈ ওকালতি কৰে অধিবক্তা আনন্দ কুমাৰ ভূঞাই। একেদৰে শ্যামকানু মহন্তই নিয়োগ কৰিছে কলকাতাৰ অধিবক্তা ৰাজদীপ বেনাৰ্জীক। আনহাতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ হৈ ভার্চুৱেলী আদালতত উপস্থিত থাকে কলকাতাৰ অধিবক্তা অনিল মিশ্র। শেখৰজ্যোতি গোস্বামীয়েও এছ কলিতা নামৰ এজন অধিবক্তাক নিয়োগ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই নিজাকৈ কোনো অধিবক্তা নিয়োগ কৰা নাই যদিও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰা অধিবক্তাই উক্ত তিনিজনৰ হৈ আদালতত জামিন আবেদন দাখিল কৰিছে। অধিবক্তা অপূর্ব কুমাৰ শৰ্মাই জানিবলৈ দিয়া মতে, আদালতত চৰকাৰী পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা উপেন্দ্র ভট্টাচার্যই অংশ লয়। জুবিন হত্যাকাণ্ডৰ সৈতে জড়িতসকলৰ জামিন আবেদনৰ বিৰুদ্ধে চৰকাৰী অধিবক্তা উপেন্দ্র ভট্টাচাৰ্যই পৰৱৰ্তী শুনানিত আপত্তি দর্শাব বুলি জানিব পৰা গৈছে। ইপিনে আদালতৰ শুনানিত উপস্থিত থকা শিল্পী পত্নী গৰিমা শইকীয়া গাৰ্গে শুনানি সম্পন্ন হোৱাৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো সৰু কথা নহয় বুলি মন্তব্য কৰি দানৱকেইটাই গুৰুতৰ শাস্তি পাবই লাগিব-বুলি কয়। তদুপৰি শুনানিত বিৰোধী পক্ষই নিজাববীয়াকৈ অধিবক্তা নিয়োগ কৰা বিষয়টোত উদ্বেগ প্রকাশ কৰি গৰিমা শইকীয়া গার্গে কয় যে বিৰোধী পক্ষই বাহিৰৰ পৰা নিজৰ স্থিতি যথেষ্ট শক্তিশালী কৰি তুলিছে। যিহেতু আইনী প্ৰক্ৰিয়াৰ মাজত থাকিয়েই এই যুঁজখন কৰিব লাগিব, গতিকে বিশেষ আইনী দল গঠন কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ। এই সন্দর্ভত ইতিমধ্যে উকীল সন্থা গুৱাহাটীৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ শৰ্মায়ো এটা বৃহৎ অধিবক্তাৰ দল নিয়োগ কৰি আইনী প্রক্রিয়াত অংশ ল’লেহে জুবিন গার্গে প্রকৃত ন্যায় লাভ কৰিব বুলি তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছিল। অধিবক্তা শর্মাই একেখিনি কথাই পুনৰ উনুকিয়াই কয় যে এজন চৰকাৰী অধিবক্তাই ৭জন অভিযুক্তৰ বিৰুদ্ধে শুনানিত অংশ লৈছে। যাৰ বাবে বহু অসুবিধা হৈছে। চৰকাৰে জুবিন গাৰ্গৰ গোচৰটোৰ বাবে বিশেষ আদালত গঠন কৰিবলৈ উচ্চ ন্যায়ালয়ক অনুৰোধ জনাওক। আইনৰ হাতত এতিয়াও সকলো ৰাস্তা আছে। ভাল অভিজ্ঞতা সম্পন্ন অধিবক্তাৰ দলসহ বিশেষ আদালত গঠন কৰি শুনানি প্রক্রিয়া চলাই নিলে কম সময়ৰ ভিতৰতে সুন্দৰভাৱে প্রিয় শিল্পীয়ে ন্যায় পাবলৈ সক্ষম হ’ব। গৰিমা শইকীয়া গার্গেও অতি শীঘ্রেই বিশেষ আইনী দল গঠন কৰি পৃথক আদালতত গোচৰটো ফাষ্টট্ৰেকত চলাই নিয়াৰ ব্যৱস্থা ল’বলৈ চৰকাৰক অনুৰোধ জনায়। গৰিমা শইকীয়া গার্গে কয় যে এছআইটিয়ে তদন্ত ইতিমধ্যে সম্পন্ন কৰিছে। গোটেই প্রক্ৰিয়াটো সম্প্রতি আদালতৰ মজিয়াত আছে। যিবোৰ ভিডিঅ’ আমি দেখিছোঁ, তাতে সম্পূর্ণ অৱজ্ঞা জুবিন গাৰ্গক কৰা দেখা গৈছে। যিয়ে যিয়েই নকওক কিয়, আমাৰ মনত তেওঁলোকেই দোষী। কিন্তু দোষীক আইনৰ গণ্ডীত আনিব লাগিব। আকৌ ১৫ দিনৰ পাছত আদালতে শুনানিৰ দিন ধাৰ্য কৰিছে। দিনবোৰ পাৰ হৈ গৈ থাকিব। এনেকৈ অকণ অকণকৈ আগবাঢ়ি থাকিলে বহুদিন লাগিব। গোচৰটোত ৩৯৪ গৰাকী সাক্ষী আছে। প্ৰতিগৰাকীৰ সাক্ষ্য আদালতে ল’ব লাগিলে দশক দশক পাৰ হৈ যাব। গতিকে চৰকাৰে বিশেষ আদালতৰ ব্যৱস্থা কৰি খুব অভিজ্ঞতা সম্পন্ন শক্তিশালী অধিবক্তাৰ এটা দল নিয়োগ কৰক। এইখিনি নকৰিলে অভিযুক্তৰ বিৰুদ্ধে আমাৰ যুঁজ সফল নহ’ব। আদালতত ভার্চুৱেলী উপস্থিত থকা অভিযুক্তকেইজনক দেখি কি প্রতিক্রিয়া হ’ল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত গৰিমা শইকীয়া গার্গে কয় যে সকলোকে আজি আত্মবিশ্বাসী ভাবত দেখিছোঁ। কাৰো মুখত অনুশোচনাৰ তিলমানো চিন নাই। এই অসুৰকেইটাক মই মানুহ বুলি নকওঁ। অসুৰকেইটাই শাস্তি পাবই লাগিব। জুবিন গাৰ্গ অকল মোৰ স্বামীয়েই নাছিল, সকলোৰে বাবে তেওঁ আছিল আৱেগ আৰু প্ৰাণৰ মানুহ। গতিকে তেওঁ ন্যায় পাবই লাগিব।
