দাঁতালপাৰাৰ নলপাৰাত শংকৰ মাধৱ নামঘৰৰ আধাৰশিলা স্থাপন

দাঁতালপাৰাৰ নলপাৰাত শংকৰ মাধৱ নামঘৰৰ আধাৰশিলা স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী পৌৰ নিগমৰ ১১ নং ৱাৰ্ডৰ দাঁতালপাৰাৰ নলপাৰাত পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই শংকৰ মাধৱ নামঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত ১১ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জুলা দেৱীয়ে উপস্থিত থাকি বৃহত্তৰ ৰাইজৰ সা সুবিধাৰ বিষয়ে আলাপ আলোচনা কৰাৰ লগতে পৰ্যায়ক্ৰমে সমস্যা সমূ্হ সমাধান কৰাৰ চেষ্টা অব্যাহত ৰাখিম বুলি অঞ্চলটোৰ ৰাইজৰ আগত অৱগত কৰে৷সভাত অঞ্চলটোৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷