দহন সনা বুকু
অভিজিত সোনোৱাল
ডিব্ৰুগড়
প্ৰাপ্তিৰ ব্যাকুলতা কোনেনো নিবিচাৰে,
সৰাধ হোৱা বুকুত নিজক মজিবলৈ
নিতান্তই প্ৰয়োজন এজাক সেউজীয়া বৰষুণৰ।
বাসনাৰ ঢৌবোৰ বুকুত সিচি…
নিজক কেনেকৈ কৰো অস্বীকাৰ!
মইযে হাৰি যাও তোমাৰ প্ৰণয় ব্যাকুলতাৰ মাজত।
চাব খোজো যে প্ৰতিবাৰ তোমাৰ মুখনি।
অথচ অস্পৃশ্যতা প্ৰাংগনত কত হেৰাই হেঁপাহবোৰ।
লিখি থও মই প্ৰতিদিনে মামৰে ধৰা কাগজত তোমালৈ বুলি চিঠি…
অথচ সিও বেইমান।
প্ৰাপ্তিৰ ব্যাকুলতা সামান্য এটুকুৰা কাগজেও নিবিচাৰে।
পচি যায় কাগজৰ টুকুৰা বোৰ।
ৰূদ্ধ হয় উশাহবোৰ।
মানুহে কয়, কত প্ৰেম-বাসনাত লিৰিলি থকা
হৃদয় এতিয়া বেপেৰুৱা হ’ল।
হৃদয় এতিয়া বেপেৰুৱা হ’ল।
এৰা, মানুহে ঠিকেই কয়;
ধৰাৰ বুকুলৈ আহিছোঁ মই…
একোৰা জুইত মোৰ বেপেৰুৱা হৃদয় দহন কৰিবলৈ।