দহদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আৰম্ভ অসম গ্ৰন্থমেলা, শিলচৰ

দহদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে আৰম্ভ অসম গ্ৰন্থমেলা, শিলচৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা আৰম্ভ হ’ল অসম গ্ৰন্থমেলা ৷অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ ২০২৩-২৪ বৰ্ষৰ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি দহদিনীয়া অসম গ্ৰন্থমেলা, শিলচৰ আজি বিয়লি ৩ বজাত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউন্ডত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে পশ্চিমবংগৰ প্ৰসিদ্ধ সাহিত্যিক তিলোত্তমা মজুমদাৰে ৷ গ্ৰন্থমেলা উদ্বোধন কৰি তেওঁ কয়—“ শিলচৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা অসমৰ বৌদ্ধিক আন্দোলনত নতুন আৰু ইতিবাচক সংযোজন ৷ অসমীয়া আৰু বাংলা ভাষাৰ মাজত প্ৰচুৰ মিল আছে ৷ উভয়ভাষী মানুহৰ চিন্তাৰো বহু মিল আছে ৷ দুয়োটা ভাষাৰে সাহিত্য অতি সমৃদ্ধিশালী ৷ ব্যৱসায়ৰ লগতে এই গ্ৰন্থমেলাই ঐক্যৰ বতৰা প্ৰেৰণ কৰিব ৷” তেওঁ লগতে কয় যে গ্ৰন্থ হ’ল প্ৰজ্ঞা সাধনাৰ ইতিহাস ৷ সভ্যতাৰ আৰম্ভনি তথা মানুহৰ জ্ঞান চক্ষু মুকলি হোৱাৰে পৰা এই ইতিহাসৰ ধাৰাবাহিকতা অক্ষুণ্ণ আছে ৷ গ্ৰন্থ নাথাকিলে পৃথিৱীখন অজ্ঞানতাৰ অন্ধকাৰে আৱৰি ধৰিব ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থমেলাক সম্প্ৰসাৰিত কৰি জ্ঞানৰ পোহৰ বিলাইছে ৷ এই প্ৰচেষ্টা সকলোৰে বাবে আদৰণীয় ৷ আন এগৰাকী সন্মানীয় অতিথি তথা উদ্বোধক,সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক,সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে কয়—“ বৰ্তমানৰ ভোগবাদী যুগত বৈষয়িক সম্পত্তিৰ প্ৰতিযোগিতাই সুখ আৰু শান্তি সততে কাঢ়ি নিয়ে ৷ কিন্তু গ্ৰন্থই আত্মাৰ ভোক নিবাৰণ কৰিব পাৰে ৷ আমি আমাৰ ভোগবাদী প্ৰতিযোগিতাৰ দৌৰ ক’ত শেষ কৰিম?— এই প্ৰশ্নৰ উত্তৰ দিব পাৰে গ্ৰন্থৰ জ্ঞানে ৷” তেওঁ প্ৰসংগক্ৰমে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতাৰ উদ্ধৃতি দি কয়—“ ঐশ্বৰ্য-বিভূতি , বল-বুদ্ধি সকলো মানুহৰে কম বেছি পৰিমাণে থাকেই ৷ কিন্তু মানৱতাৰ অনুভূতি নিজে নিজে গঢ়ি তোলা দৰকাৰ ৷ গ্ৰন্থৰ জৰিয়তে অৰ্জন কৰা জ্ঞানে এই পোহৰৰ বাট দেখুৱাই দিব পাৰে ৷ সেয়ে সৰুৰে পৰাই ল’ৰা-ছোৱালীৰ হাতত কিতাপ তুলি দিব লাগে ৷ কিতাপে কোনো দিনে আমনি নকৰে ৷ কিতাপৰ স’তে গঢ়ি উঠা বন্ধুত্বই জীৱন সমৃদ্ধ কৰে ৷” শৰ্মা পূজাৰীয়ে লগতে কয় যে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি ভাষা-সংস্কৃতিৰ যি সম্প্ৰীতিৰ বাৰ্তা দিলে এয়া অনাগতত দিনত আদৰ্শনীয় ইতিহাস হৈ ৰ’ব ৷ তেওঁ প্ৰসংগক্ৰমে কালিকা প্ৰসাদ ভট্টাচাৰ্যৰ এটি গীতৰ কিয়দংশ গুনগুনাই সকলোকে মুগ্ধ কৰে ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে পাব্লিছাৰ্ছ গীল্ড, কলকতাৰ সভাপতি ত্ৰিদিব কুমাৰ চেটাৰ্জীয়ে ৷ তেওঁ ভাষণত কয়—“ অসম গ্ৰন্থমেলাৰ প্ৰতি আমাৰ এক আৱেগ জৰিত হৈ ৰৈছে ৷ শিলচৰৰ দৰে প্ৰান্তীয় অঞ্চলত চৰকাৰীভাৱে গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াত অসমীয়া ভাষা আৰু বাংলা ভাষাৰ ঐতিহ্য চৰ্চা হ’ব আৰু দুয়োটা ভাষাৰ মাজত সমন্বয় শক্তিশালী হ’ব ৷” তেওঁ লগতে কয় যে গ্ৰন্থসংস্কৃতিয়ে সমাজ-জীৱনক সুন্দৰ কৰি ৰাখে ৷ গ্ৰন্থ অধ্যয়নৰ জৰিয়তে মানুহ বিশ্বমুখী হ’ব পাৰে ৷ গ্ৰন্থ যে কেৱল জ্ঞানৰে ভাণ্ডাৰ এনে নহয়; গ্ৰন্থই মানুহক বিশাল মনৰ অধিকাৰী কৰি তোলে ৷ সেয়ে গ্ৰন্থমেলাৰ আয়োজন মানেই স্থানীয় সমাজক জগত সভালৈ আগবঢ়াই দিয়া ৷ আন এগৰাকী বিশিষ্ট অতিথি পাব্লিছাৰ্ছ গীল্ড, কলকতাৰ সম্পাদক সুধাংশু শেখৰ দে’ই কয় যে এখন ৰাজ্যৰ জিলাই জিলাই ধাৰাৱাহিকভাৱে গ্ৰন্থমেলা অনুষ্ঠিত কৰি অহাটো অভিনৱ কাৰ্যসূচী ৷ ইয়াৰ জৰিয়তে বৌদ্ধিক পৰিৱেশ সমৃদ্ধ হোৱাৰ লগতে সুস্থ বিদ্যায়তনিক বাতাৱৰণ গঢ় দিয়াত সহায়ক হ’ব ৷ প্ৰতিখন গ্ৰন্থমেলাই জ্ঞান-বিশ্বৰ একোটা তাঙৰণ ৷ অসমত আৰম্ভ হোৱা গ্ৰন্থ আন্দোলনৰ সফলতা কামনা কৰে তেওঁ ৷ কছাৰ জিলাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাই ইয়াত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কয় যে গ্ৰন্থমেলাই বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলে ৷ অভিভাৱকসকলে সন্তানক গ্ৰন্থমেলা দেখুওৱাৰ সুযোগ এৰি দিব নালাগে ৷ কিয়নো গ্ৰন্থ এখন চুই চোৱা , গ্ৰন্থৰ সুবাস লোৱাৰ পৰাই কণমানি ল’ৰা-ছোৱালীবোৰে ভৱিষ্যতে অধ্যয়নৰ প্ৰতি ধাৱিত হ’ব পাৰে ৷ তেওঁ সাহিত্য অবিহনে জীৱন পৰিপূৰ্ণ নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কছাৰ জিলাৰ প্ৰাণকেন্দ্ৰ শিলচৰত অসম গ্ৰন্থমেলাৰ আয়োজন কৰা বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাক ধন্যবাদ জ্ঞাপন কৰে আৰু শিলচৰবাসীক এই গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায় ৷ একেদৰেই সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো কাছাৰবাসীৰ বাবে শুভ বাৰ্তা ৷ ইয়াৰ জৰিয়তে এই অঞ্চলৰ বৌদ্ধিক বিকাশ লক্ষ্যনীয় হ’ব ৷ বিশেষকৈ ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব ৷ এই অঞ্চলৰ সমাজ অতি অধ্যয়নপ্ৰিয় ৷ এই কথাটো আন আন ঠাইৰ মানুহেও জনাৰ প্ৰয়োজন আছে ৷ গ্ৰন্থমেলাই এই ক্ষেত্ৰত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব ৷ তেওঁ শৃংখলাৱদ্ধতাৰে গ্ৰন্থমেলা সফল কৰিবলৈ আহ্বান জনায় শিলচৰবাসীক৷ অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰীয়ে অংশগ্ৰহণ কৰে ৷ সৰস্বতী বিদ্যা নিকেতন, মালুগ্ৰামৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সৰস্বতী বন্দনাৰে আৰম্ভ কৰা সভাখনৰ আঁত ধৰে প্ৰবোধ দাস আৰু ড° ইন্দ্ৰানী ভট্টাচাৰ্যই ৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰত গুৱাহাটী-শিলচৰৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীৰ লগতে বাংলাদেশৰ ১৫ টা, কলকতাৰ ১২টা, নতুন দিল্লীৰ আৰু আগৰতলাৰ কেইবাটাও অভিজাত প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰিছে ৷ কলকতাৰ প্ৰকাশন গোষ্ঠীসমূহৰ ভিতৰত আছে দেব সাহিত্য কুটীৰ, দে’জ পাব্লিছিং, চক্ৰবৰ্তী চেটাৰ্জী, অক্সফৰ্ড বুক, ইউনাইটেড বুক এজেঞ্চি, চিত্ৰলেখা, চাইমন এণ্ড কাষ্টাৰ ইণ্ডিয়া, পত্ৰ ভাৰতী, পাব্লিছাৰ্ছ গীল্ড, অমৰ চিত্ৰলেখা, উডপেকাৰ আৰু নিউ ডলফিন ৷ ইপিনে নতুন দিল্লীৰ প্ৰকাশন গোষ্ঠী দুটা হৈছে বুক ফ’ৰ্ড পাব্লিকেশ্যন, চিল্ড্ৰেন বুক ট্ৰাষ্ট ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অসম গ্ৰন্থমেলা, শিলচৰলৈ সকলো পক্ষৰে সহযোগিতা কামনা কৰিছে ৷ প্ৰতি সন্ধিয়া গ্ৰন্থমেলা প্ৰাংগণত অনুষ্ঠিত হ’ব আকৰ্ষণীয় সাংস্কৃতিক প্ৰতিযোগিতা ৷