দস্তাবেজ
নাজবিন চুলতানা
পাটসাঁকো, শিৱসাগৰ
মোৰ অতীতৰ দস্তাবেজবোৰ
ফহিঁয়াই চাইছো ,
কিন্তু তাত জীৱনৰ বাবে
বাচি লোৱা তুমি নামৰ সৰুকৈ
ঘৰ এখন সজাৰ সপোন ৰচিছিলো….
এইযে ৰচিছিলো ,
তাতেই ৰৈ গ’ল দস্তাবেজত ।
এতিয়া লুটিয়াই চালে
সেই সপোনৰ ৰংবোৰৰ পাছত
দৌৰোঁতে খোৱা উজুতিত ভঙা মোৰ
ভৰিখনৰ ছবিহে দেখোঁ ।
থুকুছি ভঙা হৃদয়খন আঙুলিৰ
পৰশত গম লওঁ যে ,
সাতুৰিবলৈ নমা পানীখিনিৰ
গভীৰতা কিমান আছিল ,
যি গভীৰতাত মই উশাহ বিচাৰি কক্বকাইছিলো ।
অসহ্যকৰ আন্ধাৰলৈ মোক ঠেলি দিয়া
নিজতকৈও বেছি বিচৰা
সপোনটোৱেই নাছিল জানো ,
সেইটোৱেইযে মোৰ ভুল ।
কিন্তু ,,মোৰ দৃঢ় বিশ্বাস ,
যি সপোনৰ পাছত মই এদিন মত্ত হৈছিলো
সেই সপোনে মোৰ কাষ নিশ্চয় চাপিব।