দশৱতাৰ-নিতিষ্মান দাস

Pc The Sentinel

দশৱতাৰ

সৱকহুৰ পৰম প্ৰভু হৰি,

অধৰ্মৰ নাশৰ বাবে লৈলা ৰূপ ধৰি।

দুৰ্গতিৰ পৰা তুমি কৰা ৰক্ষণ,

অধৰ্মৰ নাশৰ বাবে কৰা অৱতাৰ ধাৰণ।

কমলৰ সম আলোক তোমাৰ নয়নত,

ব্ৰহ্মাক থাপিলা তোমাৰ নাভি কমলত।

যুগে যুগে অৱতাৰ কৰা ধাৰণ,

পৰম প্ৰভু জগতৰ হৰি নাৰায়ণ ।

শংখ, চক্র, গদা, পদ্ম কৰত তোমাৰ,

ধৰমক থাপিবলে লোৱা অৱতাৰ।

প্ৰথমে ৰূপ ধৰি মৎস্য অৱতাৰ,

চাৰি বেদক প্ৰলয়জলত কৰিলা উদ্ধাৰ।

কুৰ্ম্ম অৱতাৰ ভৈলা দ্বিতীয়ত,

মণ্ডৰ পৰ্বতৰ ভাৰ লৈলা তুমি শৰীৰত ।

বৰাহ ৰূপে ভৈলা তুমি অৱতাৰ,

হিৰণক্ষক বধী ভূমিকা কৰিলা উদ্ধাৰ ।

দৈত্য হিৰণ্যকশিপু হ’ল অধর্মী,

নৰসিংহ ৰূপে তাৰ হিয়া দিলা বিদাৰি।

বামন ৰূপ ধৰিলা অদিতিৰ বাক্য মানি,

দেৱতা সকলক স্থাপিলা বলিক ছল কৰি।

পৰশুৰাম ৰূপে ধৰিলা অৱতাৰ,

পৰশু লৈ দুষ্ট-ক্ষত্ৰিয়ক কৰিলা প্ৰহাৰ ।

অষ্ট অৱতাৰ ৰাম ৰূপ ধৰি,

ৰাৱণক বধী আহিলা যুদ্ধ জিনি।

বলৰাম ৰূপে ৰোহিনীত অৱতাৰি,

 দ্বিৱিধক কৰিলা বধ মুষ্টিৰে মাৰি ।

বুদ্ধ ৰূপে তৰুৰ তলত কৰিলা ধ্যান,

সকলোকে সুখ অহিংসাৰ দিলা তুমি জ্ঞান।

কল্কি ৰূপে অৱতাৰি নাশৰ প্ৰকাশ,

কাটি মাৰি পাপীক কৰিলা বিনাশ ।

কৰযোৰে হে হৰি! কৰিছোঁ মিনতি,

বিশ্বব্ৰহ্মাণ্ডৰ শান্তি ৰাখিবা স্থায়ী কৰি ।

 

-নিতিষ্মান দাস

অষ্টম শ্রেণী