দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নীতিশ কুমাৰ
ৰঙিলী বাৰ্ত্তাসেৱা– সকলো জল্পা-কল্পনাৰ অন্ত পেলাই দশমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হব নীতিশ কুমাৰ । প্ৰথম অৱস্থাত বিহাৰ বিজেপিৰ একাংশ নেতাই আপত্তি দৰ্শাইছিল যদিও দশমবাৰলৈ নীতিশ কুমাৰেই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ সিদ্ধান্তও প্ৰায় চূড়ান্ত হৈছে ।অৱশ্যে নিৰ্বাচনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নীতিশ কুমাৰৰ নেতৃত্বতেই এনডিএ মিত্ৰজোঁটে বিহাৰত নিৰ্বাচন খেলিব বুলি কৈছিল । কিন্তু মুখ্যমন্ত্ৰী হিচাপে কাক বাছনি কৰা হব সেই লৈ কোনো আলোচনা হোৱা নাছিল । শনিবাৰে এনডিএৰ নেতাসকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গোপন বৈঠকতে নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়। কিন্তু ভোটৰ ফলাফলে নীতিশক আওকাণ কৰাটো অসম্ভৱ কৰি তুলিলে । একেখন বৈঠকতে মন্ত্ৰীত্ব বিতৰণৰ বিষয়তো সিদ্ধান্ত লোৱা হয় । সেই অনুসৰি প্ৰতি ছজন বিধায়কৰ বিপৰীতে এজনক কেবিনেট মন্ত্ৰী দিয়া হব । ইয়াৰ ভিত্তিত বিজেপিয়ে ১৫জন, জেডিইউ-এ ১৩-১৪ জন, এলজেপিয়ে তিনিজন আৰু হাম আৰু আৰএলএম-এ এটাকৈ মন্ত্ৰিত্ব লাভ কৰিব । সকলো ঠিকে থাকিলে ১৯ বা ২০ নৱেম্বৰত নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
