দলবদ্ধ ধৰ্ষণৰ বলি হোৱা নাবালিকাক গৰ্ভপাতৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰা এগৰাকী নাবালিকাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে । দলবদ্ধ ধৰ্ষণৰ বলি হৈ গৰ্ভধাৰণ কৰা ১৫ বছৰীয়া নাবালিকাক গুৱাহাটী উচ্চ ন্যায়ালয়ে গৰ্ভপাতৰ অনুমতি প্ৰদান কৰিছে । উল্লেখ্য যে সাতজন নৰপিশাচৰ কামনাৰ বলি হৈ অন্তঃসত্ত্বা হৈছিল ১৫ বছৰীয়া কিশোৰীগৰাকী। আদালতে বিষয়টো গুৰুত্বসহকাৰে লৈ অপৰাধীকেইজনৰ বিৰুদ্ধে গোচৰটো অব্যাহত ৰখাৰ লগতে কিশোৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ পৰা মতামত গ্ৰহণৰ পাছতে এই ৰায় দিয়ে।মন কৰিবলগীয়া যে সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত আদালতে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি এই শুনানি চলাইছিল। আদালতে জিলা আইন সেৱা প্ৰাধিকাৰীক এগৰাকী মহিলা আইন স্বেচ্ছাসেৱক প্ৰেৰণ কৰি ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালৰ পৰা এই সন্দৰ্ভত মতামত সংগ্ৰহ কৰিবলৈ অনুৰোধ জনাইছিল। সেইমর্মে যোৱা ৪ ডিচেম্বৰত আইনী স্বেচ্ছাসেৱকগৰাকীয়ে কিশোৰীগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি তেওঁলোকৰ মতামত সংগ্ৰহ কৰি এক প্রতিবেদন আদালতত দাখিল কৰে। উক্ত প্রতিবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে এইটো পর্যবেক্ষণ কৰে যে ভুক্তভোগীৰ লগতে তেওঁৰ অভিভাৱকেও এই অবৈধ মাতৃত্ব প্রত্যাহাৰ কৰাৰ ইচ্ছুক। আদালতে জিলা চিকিৎসা বিষয়াক এই সন্দর্ভত এক বিশেষজ্ঞ সমিতি গঠনৰ নিৰ্দেশ দিয়াৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীক সকলো দিশ নিৰীক্ষণৰো নির্দেশ প্রদান কৰে। আদালতে কিশোৰীগৰাকীৰ গৰ্ভপাতৰ বাবে প্রয়োজনীয় সমগ্ৰ চিকিৎসাৰ খৰচ বহন কৰাৰ বাবেও ৰাজ্য চৰকাৰক নির্দেশ দিয়ে।