দলং ভাঙি ১০ জন লোকৰ মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটত সংঘটিত হৈছে শোকাৱহ ঘটনা। গুজৰাটৰ মহিসাগৰ নদীৰ ওপৰত থকা গম্ভীৰা দলং ভাঙি পৰে। দলংখন ভাঙি পৰাৰ ফলত এতিয়ালৈকে ৫খন বাহন নদীৰ মাজত ডুব গৈছে। এই দুর্ঘটনাত ১০লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ জন লোক আহত হয়। ৫ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে ।দলংখন ১৯৮৫ চনত নিৰ্মাণ কৰা হৈছিল। মুখ্যমন্ত্রী ভূপেন্দ্র পেটেলে ইতিমধ্যে প্রযুক্তিগত বিশেষজ্ঞৰ দল ঘটনাস্থললৈ পঠিয়াই তদন্তৰ নিৰ্দেশ দিছে।পাদ্ৰা আৰক্ষী পৰিদৰ্শক বিজয় চৰণে কয়, “পুৱা প্ৰায় ৭.৩০ বজাত মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত দলঙৰ এটা অংশ ভাঙি বহু বাহন নদীত পৰি যায়। দুখন ট্ৰাক আৰু দুখন ভেনসহ চাৰিখন বাহন নদীত বাগৰি পৰে।”উল্লেখযোগ্য যে এই দলং ১৯৮১ চনত নিৰ্মাণ কৰি ১৯৮৫ চনত চলাচলৰ বাবে খোলা হৈছিল, কিন্তু সময়ৰ সৈতে ই অতি জৰ্জৰ হৈ পৰিছিল। স্থানীয় বিধায়ক চৈতন্য সিং ঝালাই এই দলঙৰ বিপদজনক অৱস্থাৰ বিষয়ে আগতেই চৰকাৰক সতৰ্ক কৰিছিল আৰু এখন নতুন দলং নিৰ্মাণৰ দাবী জনাইছিল। তথাপি দলঙত বাহনৰ চলাচল বন্ধ কৰা হোৱা নাছিল। এতিয়া চৰকাৰে ২১২ কোটি টকাৰ ব্যয়েৰে এখন নতুন দলং নিৰ্মাণৰ অনুমোদন দিছে আৰু ইয়াৰ বাবে সমীক্ষাও সম্পূর্ণ হৈছে।গুজৰাটত দলং ভাঙি কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকপ্ৰকাশ কৰে । এক্সত এটা পোষ্টযোগে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, ‘‘গুজৰাটৰ বদোদৰা জিলাত সংঘটিত দলং দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যুৰ খবৰটো অত্যন্ত মৰ্মান্তিক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো । মোৰ প্ৰাৰ্থনা যে এই দুৰ্ঘটনাত আহত হোৱা সকলো লোকে সোনকালে আৰোগ্য লাভ কৰক।’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহৰাজ্য গুজৰাটত সংঘটিত হোৱা এই দুৰ্ঘটনাক লৈ গভীৰ শোকপ্ৰকাশ কৰে । সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে নিহতসকলৰ পৰিয়াললৈ ‘‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি’’ ৰ তৰফৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ৷ আনহাতে, প্ৰতিগৰাকী আহত ব্যক্তিকে প্ৰদান কৰা হ’ব ৫০ হাজাৰ টকা ।প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই ঘোষণা কৰি কয় যে, ‘‘যিসকলে নিজৰ আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা । আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ।’’