দখলা ক’লনীৰ ধৰ্মপৰায়ণ তথা ব্যৱসায়ী বীৰেণ দাসৰ মৃত্যুত শোক
দক্ষিণ কামৰূপ,ৰঙিলী বাৰ্ত্তাসেৱা- পলাশবাৰী সমষ্টিৰ দখলা ক’লনী নিবাসী ধৰ্মপৰায়ণ তথা ব্যৱসায়ী বীৰেণ দাসৰ যোৱা ২৯ ছেপ্টেম্বৰৰ নিশা নিজ বাসগৃহত আকস্মিকভাৱে অসুস্থ হৈ সকলোকে শোকসাগৰত পেলাই ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। ধৰ্মপৰায়ণ তথা ব্যৱসায়ী প্ৰয়াত বীৰেণ দাসে কলিতাপাৰা ৰাইজ গয়ৰহৰ প্ৰাক্তন সভাপতি, বিভিন্ন সামাজিক তথা ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত থাকি নিষ্ঠা সহকাৰে সেৱা আগবঢ়াইছিল। অতি অমায়িক স্বভাৱৰ দাসৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। আজি তেওঁৰ নশ্বৰ দেহ দখলা ক’লনী কলিতাপাৰা ৰাইজ গয়ৰহৰ ৰাজহুৱা নাম ঘৰ তথা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এক শোভাযাত্ৰা কৰি লৈ যোৱা হয়। তাত গুণমুগ্ধ সকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মৃতকৰ আত্মাৰ সদগতি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত প্ৰয়াত দাসে দুজন পুত্ৰ, বোৱাৰী, জীয়ৰী, জোঁৱাই, ভাই-ভনী, নাতি-নাতিনীসহ বহু সংখ্যক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। শেষত দখলা ক’লনীস্থিত ৰাজহুৱা শ্মশানত শেষকৃত সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত বিভিন্ন দল-সংগঠন আৰু ব্যক্তিয়ে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
