দখলাৰ বেচাপাৰা নৱগ্ৰহ মন্দিৰত মহাশিৱৰাত্ৰি পূজাৰ আয়োজন

দখলাৰ বেচাপাৰা নৱগ্ৰহ মন্দিৰত মহাশিৱৰাত্ৰি পূজাৰ আয়োজন

শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দখলা বেচাপাৰাৰ একমাত্ৰ নৱগ্ৰহ মন্দিৰত অহা ২৬ ফেব্ৰুৱাৰী বুধবাৰে মহাশিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে ৷ জ্যোতিষী ৰত্ন দেৱ শৰ্মাৰ বাসগৃহত অৱস্থিত নৱগ্ৰহ মন্দিৰত মহাশিৱৰাত্ৰি পূজাৰ মাহাত্ম্য বহু পুৰণা। জ্যোতিষী শৰ্মাই ১৯৯১ চনৰ পৰাই জ্যোতিষী সাধনা একাধিক ক্ৰমে অব্যাহত ৰাখি দক্ষিণ কামৰূপত অন্যতম নৱগ্ৰহ মন্দিৰ স্থাপন কৰে ৷ এই মন্দিৰ ২০০৮ চনৰ ৩০ অক্টোবৰৰ দিনাখন লাইখুঁটা আৰু আধাৰশিলা স্থাপন হোৱাৰ এবছৰ পাছত,২০০৯ চনৰ ৩০ অক্টোবৰত প্ৰাণপ্ৰতিষ্ঠা কৰে ৷ অজস্ৰ সংখ্যাক ভক্তৰ সমাগমৰে প্ৰতিবছৰে ৰাইজৰ উপস্থিতিৰে এই মন্দিৰত মনসা পূজা,দুৰ্গা পূজা,বিষ্ণু পূজা,নটা গ্ৰহৰ পূজা,শিৱৰাত্ৰি ইত্যাদি পূজা জ্যোতিষী ৰত্ন দেৱ শৰ্মাৰ নেতৃত্বত আয়োজিত হৈ আহিছে ৷ অন্য বছৰৰ দ্বৰে এইবেলিও ৰত্ন দেৱ শৰ্মাৰ বাসগৃহত অৱস্থিত দক্ষিণ কামৰূপৰ একমাত্ৰ নৱগ্ৰহ মন্দিৰত মহাশিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে ৷ আয়োজক শৰ্মাই অসমৰ লগতে দক্ষিণ কামৰূপৰ ভক্তপ্ৰাণ,ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি তথ সহায়সহযোগিতা কামনা কৰিছে ৷