‘দক্ষ’ হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তি কৰাত বিফল হৈছে: আম আদমি পার্টি
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসম-মেঘালয়ৰ সীমা সমস্যা স্থায়ীভাৱে সমাধান কৰিব নোৱাৰাত উদ্বেগ প্রকাশ কৰিছে আম আদমি পার্টীয়ে। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ আৰু মেঘালয়ত সহযোগী দলৰ চৰকাৰ থকাৰ পাছতো বিজেপিৰ আন্তৰিকতাৰ অভাৱৰ বাবে এই সমস্যাটো সমাধান কৰিব পৰা নাই। দক্ষ মন্ত্ৰী বা মুখ্যমন্ত্ৰী বুলি নিজৰ অনুগামীৰ হতুৱাই বহুল প্ৰচাৰ কৰি থকা মুখ্যমন্ত্ৰী হিমস্ত বিশ্ব শৰ্মাৰ দক্ষতাৰ নমুনা এয়াই নেকি বুলি আপে প্রশ্ন উত্থাপন কৰিছে। কিছু মাহৰ পূৰ্বে অসমৰ বহু অঞ্চল মেঘালয়ক সঁপি দি দুয়ো ৰাজ্যৰ সীমা সমস্যা সমাধান হ’ল বুলি ঢাক-চুল ৰজাই বিজেপিয়ে প্ৰচাৰ চলালে যদিও সময়ে সময়ে সীমান্তত উত্তেজনা অব্যাহত আছে। মেঘালয়ৰ লোকে অসমৰ সীমাত প্ৰৱেশ কৰি সীমান্তবাসীৰ ঘৰ-দুৱাৰ লণ্ড-ভণ্ড কৰাৰ লগতে এখন কৰ সংগ্ৰহ কৰা গে’ট ভাঙি পেলাইছে। ইয়াৰ পাছতো অসম চৰকাৰে নিটাল মাৰি শুই থকাত ভুক্তভোগী সীমান্তবাসীয়ে তীব্র বিষোদ্গাৰ প্ৰকাশ কৰিছে। সেয়ে আম আদমি পাৰ্টীৰ সীমান্তবাসীৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে আৰু কেন্দ্ৰ আৰু দুয়ো ৰাজ্যত মিত্ৰ চৰকাৰ থকাৰ সময়তে আলোচনাৰ মাধ্যমেৰে সমস্যাটো সমাধান কৰিবলৈ এক বিজ্ঞপ্তি যোগে দাবী জনায় আপ অসমৰ সভাপতি ড০ ভবেন চৌধুৰী ।
