দক্ষিণ গুৱাহাটী লাচিত গড় হাইস্কুলত শিশু দিৱস

দক্ষিণ গুৱাহাটী লাচিত গড় হাইস্কুলত শিশু দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ গুৱাহাটী লাচিত গড় হাইস্কুলত বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত বৰ্নাঢ্য কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয় ।নেহেৰুৰ জীৱনৰ বিষয়ে তেওঁ সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ড° জ্ঞান জ্যোতি শৰ্মাই । তেওঁ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ পাঠ্যপুথিৰ ওপৰিও বাহিৰা কিতাপ পঢ়াৰ আহ্বান জনায় লগতে পিতৃ মাতৃক সহায় কৰিব পৰা কামত সহায় কৰিবলৈ কয়। সভাত কুইজ,চিত্ৰাংকন প্ৰতিযোগিতাত স্হান লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। সভাখনত জ্যেষ্ঠ শিক্ষক ভোগেশ্বৰ কলিতাই চমু ভাষণ ৰাখে৷আত ধৰে সহ শিক্ষক ৰিতু কুমাৰ শৰ্মাই তেওঁ স্বৰচিত কবিতাও পাঠ কৰে।