দক্ষিণ গুৱাহাটী মণ্ডল কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ দক্ষিণ গুৱাহাটী মণ্ডলৰ কিষাণ | মৰ্চাৰ কাৰ্যনিৰ্বাহক পঢ়া অনুষ্ঠিত হৈ যায়। পুৱা ওডালবাক্ৰাৰ বিষ্ণু উদ্যানত পতাকা উত্তোলন আৰু বৃক্ষৰোপণৰ সভাৰ কৰ্মসূচী আৰম্ভ কৰা হয়। দক্ষিণ গুৱাহাটী মণ্ডলৰ বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি অমিত অধিকাৰীয়ে পতাকা উত্তোলন কৰে আৰু ইয়াৰ পিছতে মূল কাৰ্যনির্বাহক সভা অনুষ্ঠিত হয় য’ত দক্ষিণ গুৱাহাটী মণ্ডলৰ প্ৰায় ৫০ জন সদস্য উপস্থিত থাকে। সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিজেপিৰ মুখপাত্ৰ পংকজ বৰবৰা। বৰবৰাই কৰ্মীসকলক সৰ্বসাধাৰণ জনতাৰ পক্ষত সদায় থিয় হৈ থাকিবলৈ আহ্বান জনাই বিজেপিক অধিক শক্তিশালী কৰিবলৈ উদ্বুদ্ধ কৰে। আনহাতে দক্ষিণ গুৱাহাটী মণ্ডলৰ কিষাণ মৰ্চাৰ সভাপতি অমিত অধিকাৰীয়ে অঞ্চলভিত্তিক সমস্যাৰ ওপৰত গুৰুত্ব দি বিজেপিৰ সমূহ কৰ্মকৰ্তাক দলটো শক্তিশালী কৰিবলৈ আহ্বান জনায়। সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৰমেন দাস।