দক্ষিণ কোৰিয়াৰ ৫-১১ বছৰ বয়সৰ শিশুৰ বাবে ফাইজাৰৰ কোভিড-১৯ ভেকছিন অনুমোদন 

pc the korea times

দক্ষিণ কোৰিয়াৰ ৫-১১ বছৰ বয়সৰ শিশুৰ বাবে ফাইজাৰৰ কোভিড-১৯ ভেকছিন অনুমোদন 

ৰঙিলী বাৰ্ত্তাসেৱা-  দক্ষিণ কোৰিয়াৰ চৰকাৰে ৫ ৰ পৰা ১১বছৰ বয়সৰ শিশুৰ বাবে ফাইজাৰৰ কোভিড-১৯ ভেকছিন অনুমোদন জনাইছে। এইটো হৈছে প্ৰথম কোভিড-১৯ ভেকছিন যাক দেশৰ এই বয়সৰ গোটটোৰ বাবে অনুমোদন জনোৱা হৈছে। চৰকাৰে কৈছিল যে ভেকছিন ৰোল আউট পৰিকল্পনা মাৰ্চত ঘোষণা কৰা হ’ব আৰু দ্ৰুত গতিত বিকশিত হোৱা অমিক্ৰন বৃদ্ধিৰ মাজত এই পদক্ষেপে সৰু শিশুসকলক সুৰক্ষিত কৰাত সহায় কৰিব।