দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ৫ বছৰৰ কাৰাদণ্ড

Pc BBC

দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ৫ বছৰৰ কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি য়ুন চুক য়লক ৫ বছৰৰ কাৰাদণ্ড। সামৰিক আইন জাপি দিয়াৰ সৈতে জড়িত কিছুমান অভিযোগত দক্ষিণ কোৰিয়াৰ এখন আদালতে তেওঁক পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । তেওঁক মৃত্যুদণ্ড দিয়াৰ বাবেও প্রশ্ন উত্থাপন কৰে বিৰোধী আইনজীৱীসকলে। এই সন্দর্ভত সিদ্ধান্ত লোৱা হ’ব অহা মাহত।২০২৪ চনৰ শেষৰ ফালে য়ুনে জাৰি কৰা সামৰিক আইন জাপি দিয়া আৰু অন্যান্য অভিযোগক লৈ হোৱা আঠটা অপৰাধমূলক বিচাৰৰ বিৰুদ্ধে এইটো প্রথম ৰায়দান ৷উল্লেখ্য যে ২০২৪ চনৰ ডিচেম্বৰ মাহত হ্ৰস্বকালীনভাৱে সামৰিক আইন জাপি দিয়াৰ পিছত যুনৰ বিৰুদ্ধে অভিযোগনামা দাখিল, গ্ৰেপ্তাৰ আৰু ৰাষ্ট্ৰপতি পদৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।