দক্ষিণ কামৰূপ সচেতন মঞ্চৰ আহ্বান

দক্ষিণ কামৰূপ সচেতন মঞ্চৰ আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰু এটি নতুন বছৰে ভূমুকি মাৰিব । মাথোন কেইটামান দিনৰ পিচতে । শীতৰ আমেজ ভৰা সুঘ্ৰাণ ল’বলৈ নতুবা অবসৰ বিনোদন কৰিবলৈ, অবসাদ আতৰাবলৈ, এটি সু-দিনৰ বাবে নতুন বছৰক আদৰিবলৈ বহু মানুহে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অঞ্চল , পাহাৰৰ দাতি কাষৰীয়া এলেকা, নৈ-নিজৰা, খাল-বিলৰ পাৰ আদিলৈ নতুন বছৰৰ আদিতে গৈ উপভাগ কৰে । হেপাহেৰে এসাজ অন্ন মুঠি গ্ৰহণ কৰে । পাৰ কৰে এটা দিন । নতুন বছৰটি সকলোৰে সু-স্বাস্থ্য , আশাবোৰ বাস্তৱ হয় সকলোৱে একেই আশা কৰে । দক্ষিণ কামৰূপ সচেতন মঞ্চই সমগ্ৰ জিলাখনৰ লগতে ৰাজ্যখনৰ ভিন-ভিন প্ৰান্তৰ উপৰি চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অহা প্ৰতিটো বনভোজ দলক বিপুল ভাবে আদৰণি জনাইছে । সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাস, মুখ্য সচেতক তথা জ্যেষ্ঠ সমাজসেৱী কমল চন্দ্ৰ মেধিয়ে সংবাদমাধ্যমৰ জড়িয়তে কয়- দক্ষিণ কামৰূপৰ ভিন -ভিন বনভোজ থলি ক্ৰমে চানডুবি বিল, ৰাণীৰ কপিলী, শুকুৰ বৰীয়া, ৰাণীৰ খামাৰ, আজাৰা- গড়চুক এলেকাৰ দীপৰ বিল, ছয়গাওৰ উকিয়াম, কুলশী, বকোৰ হাহিম, শিংৰাৰ নদীৰ পাৰ, হুৱাপাৰা, বিজয়নগৰৰ সমীপৰ দখলা পাহাৰ, মিৰ্জাৰ বাঘেশ্বৰী, বকো- ধূপধাৰাৰ পাৰ্শ্ববৰ্তী হহূৱা, ৰামপুৰৰ দৰা বিল আদি বিভিন্ন ক্ষেত্ৰ আছে । এইক্ষেত্ৰসমূহলৈ অহা বনভোজ দলসমূহে যাতে কেতিয়াও প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰে । বনভোজলৈ আহি, আহাৰ গ্ৰহণ কৰি ঠাই টুকুৰা পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থৈ যায় । ইয়াৰোপৰি- প্ৰদুষণ যুক্ত কোনোধৰণৰ কাম নকৰে । আনহাতে– সংশ্লিষ্ট এলেকাৰ আৰক্ষী -প্ৰশাসনে বনভোজ থলিসমূহত প্ৰতি মুহূৰ্ত্ততে চোকা নজৰ ৰাখে । সচেতন মঞ্চই অতি আগতিয়াকৈ আৰক্ষী -প্ৰশাসনক সংবাদ মাধ্যমৰ জড়িয়তে অবগত কৰি থৈ কয় যে — বনভোজ থলিসমূহত একাংশ দলে সুৰাৰ ৰাগিত মতলীয়া হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে । এই ক্ষেত্ৰত সকলো পক্ষ সষ্টম থকাটো দৰকাৰ ।